Breaking

মৰিগাঁৱৰ লাহৰীঘাটত মষ্ট ৱাণ্টেট চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

0 163

মৰিগাঁও জিলাৰ লাহৰীঘাটত মষ্ট ৱান্টেট চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ। ধৃত চাইবাৰ অপৰাধীটোৰ নাম আজাহাৰুল ইছলাম।

চাইবাৰ সংক্ৰান্তীয় কেইবাটাও গোচৰত অভিযুক্ত আজাহাৰুলে আদালতৰ পৰা জামিন লাভ কৰি লাহৰীঘাট থানাত হাজিৰ হোৱাৰ সময়ত গ্ৰেপ্তাৰ কৰা হয়।

অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ তৎপৰতাত আন গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰা হয়।
আনৰ পান কাৰ্ড, আধাৰকাৰ্ড লিংক কৰি ভূৱা পৰিচয়ৰে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লাখে লাখে ধন সৰকাই আহিছিল ধৃত আজাহাৰুলে।

শেহতীয়াভাৱে দিল্লীৰ আনৰ নামত জালিয়াতিৰে ঋণলৈ অগাধ সম্পত্তিৰ ঘটা আজাহাৰুলে শেহতীয়াভাৱে দিল্লীৰ সুৰেশ চন্দ্ৰ নামৰ এজন ব্যক্তিৰ নামত ১৩ লাখ টকাৰ ঋণ লৈছিল।

এনেদৰে জালিয়তিৰে অগাধ ধন সম্পত্তিৰ মালিক হোৱা চাইবাৰ আজাৰুলৰ বিৰুদ্ধে লাহৰীঘাট থানাৰ ৮৬/২৩ নম্বৰত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।
-খাইৰুল ইছলাম, লাহৰীঘাট

Leave A Reply