Breaking

নগাঁৱত ৭ বছৰীয়া পুত্ৰসহ সন্ধানহীন দুটি সন্তানৰ মাতৃ : পত্নী-পুত্ৰক বিচাৰি নগাঁৱৰ অ’লিয়ে-গ’লিয়ে ঘূৰি ফুৰিছে স্বামী

0 1,293

নগাঁও, ২০ ডিচেম্বৰ: নগাঁও জিলাৰ বেবেজীয়া পহৰা আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণপাট হাতীগড়ৰ এগৰাকী দুটি সন্তানৰ মাতৃ ৭ বছৰীয়া পুত্ৰসহ বিগত এমাহধৰি  সন্ধানহীন হৈ থকাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । ননৈৰ ৰাজু শইকীয়া নামৰ ব্যক্তি জনৰ পত্নী তৃষ্ণা শইকীয়া আৰু তেওঁৰ ৭ বছৰীয়া পুত্ৰ যুগান্ত প্ৰতিম শইকীয়া দক্ষিণপাট চাৰিআলিত বজাৰ কৰিবলৈ অহাৰে পৰা সন্ধানহীন হৈ আছে । বিগত ৯ নবেম্বৰতেই সন্ধানহীন হোৱা পত্নী-পুত্ৰক বিচাৰি এতিয়া নগাঁৱৰ অ’লিয়ে-গ’লিয়ে ঘূৰি ফুৰিছে স্বামী ৰাজু শইকীয়া । ইতিমধ্যে ঘটনা সন্দৰ্ভত স্থানীয় বেবেজীয়া আৰক্ষী চকীৰ লগতে নগাঁৱৰ আৰক্ষী অধীক্ষকৰ ওচৰতো এজাহাৰ দাখিল কৰিছে ৰাজু শ‌ইকীয়াই  । কোনো লোকে এই সন্দৰ্ভত কিবা সম্ভেদ পালে নিকটৱৰ্তী আৰক্ষী থানা বা ৯১০১৬-৪৯৭৭০ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ।

Leave A Reply