Breaking

মাতৃভূমি পালেহি শ্বহীদ প্ৰণয় কলিতাৰ নশ্বৰ দেহ, বিমান বন্দৰত আৰক্ষীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন

0 1,266

দৈনন্দিন বাৰ্তা ডিজিটেল ডেস্কঃ অৱশেষত মাতৃভূমিত উপস্থিত হ’ল মণিপুৰত শ্বহীদ হোৱা অসম সন্তান পাঠশালাৰ প্ৰণয় কলিতাৰ নশ্বৰ দেহ। এয়াৰ এছিয়াৰ বিশেষ বিমানেৰে প্ৰনয় কলিতাৰ নশ্বৰ দেহ মণিপুৰৰ পৰা বৰঝাৰ বিমান বন্দৰলৈ অনা হয়। বিমান বন্দৰত আৰক্ষী আয়ুক্ত, বিমান বন্দৰ কৰ্তৃপক্ষ আৰু আৰক্ষীৰ লোকে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ পিছত এম্বুলেন্সেৰে বীৰ শ্বহীদ প্ৰণয় কলিতাৰ নশ্বৰদেহ নিজগৃহ পাঠশালালৈ লৈ যোৱা হয়। বিমানবন্দৰতে সামৰিক মৰ্যাদা দিয়া হয় শ্বহীদ গৰাকীক। মণিপুৰত বুধবাৰে নিশা অসম ৰাইফলছৰ জোৱানৰ ওপৰত উগ্ৰপন্থীয়ে চলাইছিল ভয়ংকৰ আক্ৰমণ।মণিপুৰৰ চণ্ডেলত ম্যানমাৰ বৰ্ডাৰৰ সমীপত অসম ৰাইফলছৰ জোৱানৰ ওপৰত সংঘটিত হৈছিল এই আক্ৰমণৰ ঘটনা।

বাতৰি যোগুতালেঃ জ্যোতিস্মান শৰ্মা

Leave A Reply