Breaking

গোৰ্খা উন্নয়ন পৰিষদৰ নতুন কাৰ্যবাহী সদস্য ৰূপে শপত গ্ৰহণ মতি কুমাৰ নেৱাৰৰ

0 34

দৈনন্দিন বাৰ্তাৰ সেৱা, ইটাখোলা, ৮ নৱেম্বৰঃ অসম চৰকাৰৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যান বিভাগে গোৰ্খা উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্যৰূপে নদুৱাৰ অঞ্চলৰ এগৰাকী কৰ্মউদ্যামী ব্যক্তি তথা সমাজ কৰ্মি মতি কুমাৰ নেৱাৰক নিযুক্তি প্ৰদান কৰা খৱৰে নদুৱাৰ অঞ্চলৰ গোৰ্খা ৰাইজৰ লগতে চতিয়া সমষ্টিবাসী উৎফুল্লিত হৈ পৰা দেখা গৈছে। একালৰ শিক্ষক তথা নদুৱাৰ শিক্ষাখণ্ডৰ শিক্ষা সমন্বয়ক নেৱাৰক কিছুদিনৰ পূৰ্বে গোৰ্খা উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্য হিচাপে মনোনীত কৰিছিল।

যোৱা ৭ নৱেম্বৰত গুৱাহাটীত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত নেৱাৰে সাৰ্বভৌমত্ব আৰু অখনণ্ডতা ৰক্ষাৰ শপত গ্ৰহণ কৰে। আনহাতে শপত গ্ৰহণ কৰি নেৱাৰে গোৰ্খা ৰাইজৰ কল্যাণৰ হকে কাম কৰি যোৱাত নিজকে সদায় সষ্টম কৰি ৰাখি কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। কাৰ্যবাহী সদস্য পদত অধিষ্ঠিত হোৱাৰ পিছতে চতিয়া সমষ্টিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে মতি কুমাৰ নেৱাৰক অভিনন্দন জনাইছে।

Leave A Reply