Breaking

বনানিকৰণৰ লক্ষ্যৰে এইমছ গুৱাহাটী আৰু এৰিডাৰ মাজত সহযোগীতাৰ বুজাবুজি

0 132

এইমছ গুৱাহাটীৰ চৌহদটোক বনানিকৰণৰ মাধ্যমেৰে সেউজ-সুন্দৰকৈ গঢ় দিয়াৰ লক্ষ্যৰে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ডেভেলপাৰ্ছ এছ’চিয়েচন চমুকৈ এৰিডা আৰু এইমছ গুৱাহাটীৰ মাজত বুজাবুজি হয়।

এই সন্দৰ্ভত এৰিডাৰ সভাপতি পি কে শৰ্মাই কয় যে এইমছ গুৱাহাটী চৌহদৰ ভিতৰত থকা খালী এলেকাসমূহত গছপুলি ৰোপণ কৰি প্ৰতিপালন কৰাৰ বাবে এইমছ গুৱাহাটীৰে এৰিডাৰ এক বুজাবুজিত উপনীত হৈছে।

চৌহদৰ ভিতৰত যুটীয়া বনানিকৰণ অভিযানৰ বাবে উদ্যোগ গ্ৰহণ কৰা হৈছে। ইতিমধ্যে বিশ্ব পৰিৱেশ দিৱসৰ দিনা এই অভিযানৰ শুভাৰম্ভ কৰা হয় বুলি শৰ্মাই জানিবলৈ দিয়ে।

এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ড০ অশোক পুৰাণিকৰ উপস্থিতিত গছপুলি ৰোপণেৰে উক্ত অভিযানৰ আৰম্ভণী কৰা হয়। এৰিডাৰ এই পদক্ষেপক এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অশোক পুৰাণিকে ভূয়সী প্ৰশংসা কৰে।

এৰিডাৰ সভাপতি পি কে শৰ্মাই কয় যে এইমছৰ দৰে প্ৰতিষ্ঠান ইয়াত হোৱাটো উত্তৰ-পূৰ্বাঞ্চলৰ গৌৰৱৰ বিষয়। ইয়াৰ দ্বাৰা উত্তৰ পূব বিশেষভাৱে উপকৃত হ’ব। এনে এট‍া প্ৰতিষ্ঠানৰ সৈতে এৰিডা জড়িত হ’ব পৰাটো গৌৰৱৰ কথা বুলি তেওঁ কয়। তেওঁ অতি কম সময়ৰ ভিতৰত প্ৰতিষ্ঠানটো গঢ় দিয়াৰ বাবে চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave A Reply