Breaking

ৰাজ্যৰ পেচেঞ্জাৰ ট্ৰেইনসমূহ অচিৰেই চলাচল কৰোৱাৰ বাবে উদ্যোগ গ্ৰহণ সাংসদ ভূৱনেশ্বৰ কলিতাৰ

0 2,029

ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে অসমত আন্তঃজিলা পৰিবহণ বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী-বেচৰকাৰী বিভিন্ন খণ্ডত কৰ্মৰত লোকসকলে নিজ নিজ কৰ্তব্যস্থানত উপস্থিত হ’বলৈ এখন জিলাৰ পৰা আনখন জিলালৈ যাবলগীয়া হোৱাৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সন্মুখীন  হৈ আহিছে । একাংশ লোকৰ যাতাযয়তৰ প্ৰধান আহিলা এই স্থানীয় পেচেঞ্জাৰ ট্ৰেইন সমূহ ।যিহেতু অসমত ৰে’লৰ যোগেদি এক বৃহত্তৰ পৰিসৰৰ ৰাইজে দৈনিক অহাযোৱা কৰে এই ট্ৰেইন সমূহেৰে । বৰ্তমান সময়ত পেচেঞ্জাৰ ট্ৰেইন সমূহৰ ভিতৰত কেৱলমাত্ৰ নিউবঙাইগাঁওৰ পৰা গুৱাহাটীলৈ চলা মানস ৰাইনো পেচেঞ্জাৰ ট্ৰেইন খনৰ বাহিৰে অন্য ট্ৰেইন সমূহৰ চলাচল বন্ধ হৈ আছে । অসমৰ ৰাইজৰ সুবিধাৰ্থে অন্য পেচেঞ্জাৰ ট্ৰেইন সমূহ অচিৰেই পুণৰ চলাচলৰ ব্যৱস্থা কৰিবৰ বাবে কেন্দ্ৰীয় ৰেল মন্ত্ৰী পিয়ুষ গোৱেলক ৪ জুন ২০২১ তাৰিখে আহ্বান জনাই ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই । সাংসদ কলিতাৰ এই আহ্বানক ৰেলমন্ত্ৰীগৰাকীয়ে  গুৰুত্ব সহকাৰে গ্ৰহণ কৰি উত্তৰ-পূৰ্বাঞ্চল সীমান্ত ৰেল বিভাগক এই সন্দৰ্ভত বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে।ইয়াৰ পিছতেই মঙ্গলবাৰে ৰাতিপুৱা উত্তৰ-পূব সীমান্ত ৰেল বিভাগৰ মুখ্যকাৰ্যলয়ৰ তৰফৰ পৰা সবিশেষ বিচাৰি সাংসদ ভূৱনেশ্বৰ কলিতাৰ সৈতে যোগাযোগ কৰে আৰু কলিতাই”নিউবঙাইগাঁও-ৰঙিয়া-গুৱাহাটী” মুখ্য পথৰ ট্ৰেইন সমূহ ক্ৰমে১) ১৫৭৬৯ নং আলিপুৰদুৱাৰ-লামডিং ইণ্টাৰচিটি এক্সপ্ৰেছ ।২) ৫৫৭৫৩ নং আলিপুৰদুৱাৰ-গুৱাহাটী পেচেঞ্জাৰ ।৩) ১৫৭৬১ নং আলিপুৰদুৱাৰ-কামাখ্যা ইণ্টাৰচিটি এক্সপ্ৰেছ ।৪) ৫৫৮১০ নং নামনিমুৱা গুৱাহাটী-নিউবঙাইগাঁও পেচেঞ্জাৰ ।৫) ৫৫৮১৮ নং নামনিমুৱা গুৱাহাটী-নিউবঙাইগাঁও পেচেঞ্জাৰ ।                       “ৰঙাপাৰা-ৰঙিয়া-গুৱাহাটী” পথৰ ট্ৰেইন সমূহ -১) ৫৫৮৯৪ নং ৰঙাপাৰা ৰঙিয়া পেচেঞ্জাৰ ।২) ১৫৮১৬ নং ডেকাৰগাঁও-গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ ।৩) ৫৫৮৬২ নং ডেকাৰগাঁও-ৰঙিয়া পেচেঞ্জাৰ ।৪) ৫৫৮৯৬ নং মুৰ্কংচেলেং-ৰঙিয়া পেচেঞ্জাৰ এই ট্ৰেইন সমূহ পুণৰ চলাচলৰ ব্যৱস্থা গ্ৰহণ কৰোৱাৰ বাবে আহ্বান জনাই । জানিবপৰামতে অতি কমদিনৰ ভিতৰত এই ট্ৰেইন সমূহ নিৰ্ধাৰিত স্থানৰ পৰি চলাচল কৰিব।ৰাইজে দীৰ্ঘদিন ধৰি ভূগি থকা যাতায়াতৰ এই সমস্যাৰ প্ৰতি গুৰুত্ব আৰোপ কৰা কেন্দ্ৰীয় ৰেলমন্ত্ৰী পিয়ুষ গোৱেলৰ লগতে উক্ত সমস্যাটো সাংসদ কলিতাৰ দৃষ্টিগোচৰ কৰোৱা সদৌ অসম ৰেলযাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰে সাংসদ গৰাকীয়ে ।

Leave A Reply