Breaking

টকিঅ’ অলিম্পিকত ভাৰতীয় দলক ‘Chef De Mission’ হিচাপে নেতৃত্ব দিব সাংসদ বীৰেন্দ্ৰ কুমাৰ বৈশ্যই

0 1,031

আগন্তুক টকিঅ’ অলিম্পিকৰ বাবে ভাৰতীয় দলক ‘Chef De Mission’ হিচাপে নেতৃত্ব দি আগুৱাই নিব অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। অসমৰ বাবে এয়া নিতান্তই এক গৌৰৱৰ বিষয়। অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ সৈতে সাংসদ বৈশ্যৰ গুৱাহাটীস্থিত বাসগৃহত উপস্থিত হৈ তেখেতক সম্বৰ্ধনা জনায় আৰু আন্তৰিক অভিনন্দন তথা শুভকামনা জ্ঞাপন কৰে অসম গণ পৰিষদৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই। অভিনন্দন জনাই মন্ত্ৰী বৰাই আশা প্ৰকাশ কৰি কয়- সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ সবল নেতৃত্বত ভাৰতীয় দলে টকিঅ’ অলিম্পিকত আশানুৰূপ ফলাফল প্ৰদৰ্শনেৰে দেশলৈ সুনাম কঢ়িয়াই আনিব।

Leave A Reply