Breaking

সাংসদ দিলীপ শইকীয়াক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক : বিহাৰ নিৰ্বাচনৰ আগ মূহূৰ্তত বিজেপিত নতুন মুখক দায়িত্ব

0 1,273

দৈনন্দিন বাৰ্তা ডেস্ক : বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাই প্ৰায় আঠ মাহৰ পাচত শনিবাৰে দলীয় কাৰ্যালয়ৰ নতুন বিষয়ববীয়াৰ নাম ঘোষণা কৰে ৷ নাড্ডাই মুঠ ২৩ জন নতুন বিষয়ববীয়াক নিযুক্তি দিয়ে ৷ বিজেপিৰ প্ৰধানজনে নতুনকৈ গঠন কৰা কমিটীত ৰাম মাধৱ, পি মুৰুলীধৰ ৰাও, অনিল জৈন, সৰুজ পাণ্ডেৰ ঠাইত নতুন মুখৰ সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়ে ৷ নাড্ডাই বেংগালুৰুৰ যুৱ সাংসদ তেজস্বী সূৰ্যক দলৰ যুৱ মৰ্চাৰ সভাপতি হিচাপে নিযুক্তি দিয়ে ৷ তেওঁক পুনম মহাজনৰ ঠাইত নিযুক্তি দিয়া হৈছে ৷ দলৰ নতুন ৰাষ্ট্ৰীয় উপসভাপতিৰ দায়িত্ব দিয়া হৈছে ৰমেন সিং, মুকুল ৰয়, বৈজন্ত জয় পাণ্ডাক ৷ উল্লেখ্য যে অসমৰ সাংসদ দিলীপ শইকীয়াক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হৈছে ৷ আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ আগতে এই সিদ্ধান্ত লোৱা হয় ৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত সৱল প্ৰদৰ্শনৰ পাচত ২০১৫ চনত আশা কৰাতকৈ সুন্দৰ ফল প্ৰদৰ্শন কৰিছিল ৷ সেই সময়ত জেডি (ইউ) আৰজেডি আৰু কংগ্ৰেছৰ সৈতে মহাজোঁটৰ এটা অংশ আছিল ৷ দলত নতুন সকলৰ ভিতৰত মহিলা আৰু যুৱকক কাম কৰাৰ সুযোগ দিয়া হৈছে ৷ উল্লেখ্য যে দলৰ সভাপতি হিচাপে নাড্ডাই চলিত বছৰৰ জানুৱাৰীত দায়িত্ব লাভ কৰিছিল ৷

Leave A Reply