Breaking

ৰাজনৈতিক ই-আলোচনীত সাংসদ দিলীপ শইকীয়াৰ দ্বিতীয় স্থান দখল

0 2,041

ৰাজনৈতিক ই-আলোচনী  “ৰাজনীতি অসম” য়ে চলোৱা সমীক্ষা মতে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙ্গলদৈ লোকসভা সমষ্টিৰ যুৱ সাংসদ শইকীয়াই দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ।২০১৯ চনৰ নিৰ্বাচনত অসমৰ  পৰা নিৰ্বাচিত হৈ যোৱা ১৪ জন সাংসদ সকলৰ বিগত দুই বছৰৰ কাম কাজক লৈ ৰাইজ কিমান সন্তুষ্ট সেয়া জানিবলৈ “ৰাজনীতি অসম ” নামৰ আলোচনীয়ে যোৱা মাহৰ ছেপ্টেম্বৰ ১ তাৰিখৰ পৰা ২০ ছেপ্টেম্বৰ ২০২১ লৈ চলোৱা অপিনিয়ন পলৰ প্ৰতি ৰাইজৰ সহাঁৰি আছিল অভূতপূৰ্ব । এই অপিনিয়ন পল অনুযায়ী মঙ্গলদৈ লোকসভা সমষ্টিৰ প্ৰতিনিধি আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক যুৱ সাংসদ দিলীপ শইকীয়াই দ্বিতীয় স্থান লাভ কৰাত সমগ্ৰ মাজবাট বিধানসভা সমষ্টিৰ ৰাইজৰ মাজত আনন্দ বতৰাই বিৰাজ কৰা পৰিলক্ষিত হৈছে । উক্ত আলোচনীয়ে চলোৱা সমীক্ষাত সাংসদ শইকীয়াই দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হোৱাত মাজবাটৰ বিজেপি যুৱ নেতা কিশোৰ শৰ্মায়েও সাংসদ দিলীপ শইকীয়াক আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছে । মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মায়ে লগতে কয় যে যিজন সাংসদে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ নাম ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাবলৈ সক্ষম হৈছে । যিজন সাংসদৰ বলিষ্ঠ নেতৃত্বৰ ওপৰত সম্পূৰ্ণ বিচ্ছাশ কৰি ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় কমিটিয়ে মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত কৰাত সাংসদ শইকীয়াই ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ মাতৃভূমি অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ  বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । গতিকে তেনে সাংসদক অসম বাসী ৰাইজৰো দায়িত্ব আৰু কৰ্ত্যব আছে আৰু সেই বাবেই অসম বাসী ৰাইজৰ এই ধৰণৰ মৰম চেনেহ সাংসদ দিলীপ শইকীয়াই পাবলৈ সক্ষম হৈছে বুলি মাজবাটৰ  যুৱ নেতা কিশোৰ শৰ্মায়ে এক তাৎপৰ্যপূৰ্ণ মন্ত্যব কৰে । যুৱ নেতা কিশোৰ শৰ্মায়ে কয় যে এইটো এটা অপিনিয়ন পল আছিল এই সমীক্ষাক সন্মান জনাইছোঁ আৰু আগন্তুক লোকসভা নিৰ্বাচনত যেতিয়া সকলো ৰাইজে যেতিয়া প্ৰত্যক্ষ ভাবে ভোট দান কৰাৰ সুযোগ লাভ কৰিব তেতিয়া  মঙ্গলদৈ লোকসভা সমষ্টিৰ ৰাইজে অসমৰ ভিতৰতে প্ৰথম স্থান দি আকৌ দ্বিতীয় বাৰৰ বাবে সাংসদ শইকীয়াক জয় কৰোৱাই অনাগত দিন বোৰতো ভাৰতীয় জনতা পাৰ্টিৰ দৰে শক্তিশালী ৰাজনৈতিক দলৰ ৰাষ্ট্ৰীয় কমিটিৰ দায়িত্বত থাকি অসমৰ নাম জিলিকাই ৰাখিবলৈ  যুৱ সাংসদ দিলীপ শইকীয়াক আৰু উৎসাহিত কৰাৰ বাবে ইতিমধ্যে মাজবাট ৰ লগতে সমষ্টি বাসী সাধাৰণ ৰাইজ ইতিমধ্যে প্ৰস্তুত হৈ আছে মাথোঁ অপেক্ষা সঠিক সময়ৰ বুলি যুৱ নেতা কিশোৰ শৰ্মায়ে এক মন্তব্য প্ৰকাশ কৰে । 

Leave A Reply