Breaking

নেঘেৰিটিং চাহ বাগিছালৈ সাংসদ গৌৰৱ গগৈৰ এম্বুলেঞ্চ প্ৰদান

0 2,020

ক’ৰনা কালৰ মাজতে দেৰগাঁৱৰ নেঘেৰিটিং চাহ বাগিছা চিকিৎসালয়ৰ বাবে এক ভাল খবৰ কঢ়িয়াই আনিছে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰব গগৈয়ে। উল্লেখ্য যে, গৌৰব গগৈয়ে সাংসদ উন্নয়ন পূজিৰ ধনেৰে দেওবাৰৰ দিনটোত নেঘেৰিটিং চাহ বাগিছা চিকিৎসালয়ৰ ৰোগী সকলৰ সুবিধাৰ বাবে প্ৰদান কৰিলে এখন এম্বুলেঞ্চ । এম্বুলেঞ্চ প্ৰদান অনুষ্ঠান উপল্যক্ষে দেওবাৰে সাংসদ গৰাকী চিকিৎসালয় চৌহদত উপস্থিত হোৱাৰ পিছতে চাহ বাগিছা কতৃপক্ষ, চিকিৎসালয় কতৃপক্ষ অসম চাহ জনজাতি ছাত্র সন্থা আৰু স্থানীয় ৰাইজে উষ্ম আদৰণি জনায়। ৰাইজৰ সম্বৰ্ধনা গ্ৰহনৰ পিছতে গৌৰব গগৈয়ে ফিটা কাটি চালকৰ আসনত বহি এম্বুলেঞ্চখন ৰাইজৰ বাবে মুকলি কৰে।  সাংসদ গৰাকীৰ উপস্থিতিতে নেঘেৰিটিং চাহ বাগিছা ৰংগমঞ্চত কভিড প্ৰটক’লৰ মাজেৰে  একাংশ লোকৰ অংশগ্ৰহনেৰে এখনি সভা অনুষ্ঠিত হয়। কাকডোঙা ব্লক কংগ্ৰেছৰ সভাপতি ভবেন গগৈয়ে আঁত ধৰা সভাখনিত কংগ্ৰেছৰ যুৱনেতা কৃষ্ণ কান্ত দাস, বাণী হাজৰিকা, দেৰগাঁও পঞ্চায়তৰ সভাপতি আনোৱাৰ হুচেইন, কাকডোঙা আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰছিদ আলিকে ধৰি কংগ্ৰেছৰ বহু কেইজন বিষয়ববীয়াৰ লগতে চাহ জনজাতি ছাত্র সন্থাৰ প্ৰফুল্ল কুৰ্মী, জীৱন মিৰ্ধা, দয়াৰাম ৰবিদাস, ভাইটি ৰবিদাস আদি ব্যক্তি সকল উপস্থিত থাকে ।সভাত সাংসদ গৰাকীয়ে বৰ্তমান চৰকাৰখনে মূল্য বৃদ্ধিৰ বোজাই সাধাৰণ জনতাক কি দৰে কোঙা কৰি পেলাইছে সেই বিষয়ে বক্তব্য ৰখাৰ উপৰিও  উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা হোৱা-নোহোৱা বিষয় সৰ্ন্দভত বহু গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। সভাখনিৰ শলাগৰ শৰাই আগবঢ়াই নেঘেৰিটিং চাহ বাগিচাৰ সহ পৰিচালক উমাশংকৰ কুৰ্মীয়ে।

Leave A Reply