MP Rakibul Hussain: সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণত জড়িত ১০ জনৰ নাম প্ৰকাশ

বৃহস্পতিবাৰে নগাওঁত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনক কোনো দুৰ্বৃত্তই মুখত ক’লা কাপোৰ পৰিধান (MP Rakibul Hussain)কৰি আক্ৰমণ কৰে। যাৰ ফলত ধুবুৰী জিলা সাংসদ ৰকিবুল হুচেইনৰ আত্ৰুমন সন্দৰ্ভত বিভিন্ন প্ৰান্ত প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰেই দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ দাবী জনাইছে কংগ্ৰেছৰ কৰ্মীসকলে। সাংসদগৰাকীৰ আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দহ জনৰ নাম প্ৰকাশ কৰিছে। আনহাতে অসম বিধানসভাৰ বাজেট অধিৱেশনতো মন্ত্ৰী পীয়ূষ হাজৰিকাই ৰকিবুল হুছেইনৰ সৈতে কোনে কোনে কৰিছিল এই ভয়ংকৰ কাণ্ড তেওঁলোকৰ নাম প্ৰকাশ কৰিছিল।

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখে, “কংগ্ৰেছৰ মাননীয় সাংসদ ৰকিবুল হুছেইনক আক্ৰমণৰ অভিযোগত ১০জন লোকক আৰক্ষীয়ে চিনাক্ত কৰিছে। আইনী প্ৰক্ৰিয়াৰ দ্বাৰা আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব৷”

চিনাক্ত কৰা লোককেইজন হ’ল—
১) জামতোলাৰ হাৰুণ
২) ফাকলিৰ হৰেশ
৩) তামুলীটুপৰ বছিৰ
৪) কাৱৈমাৰীৰ কাছেম আলী
৫) কাৱৈমাৰীৰ ৰছিদুল
৬) গুণাবাৰীৰ আয়ুব
৭) ৰে’ল ষ্টেচনৰ লুটকিয়ৰ
৮) ৰৌমাৰীৰ খালেক
৯) গঁড়েমাটিখোৱাৰ মজিবুৰ
১০) কোয়াচগাঁৱৰ জাহাংগীৰ

Related Articles