Breaking

বৃক্কৰ ৰোগত আক্রান্ত টীয়কৰ স্মৃতিৰ গৃহত সাংসদ তপন গগৈ

0 2,016

টীয়ক চন্দ্রকমল বেজবৰুৱা মহাবিদ্যালয়ৰ মেধাৱী ছাত্রী স্মৃতি বড়া জটিল ৰোগত আক্রান্ত হোৱাৰ খবৰ সংবাদ মাধ্যমৰ যোগে জানিব পাৰি বৃহস্পতিবাৰে ছাত্ৰীগৰাকীৰ ঘৰত উপস্থিত হয় যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ। বৃহস্পতিবাৰে বিয়লি সাংসদ তপন কুমাৰ গগৈয়ে ছাত্ৰী গৰাকীৰ বলমা টিপমীয়া গাঁৱৰ ঘৰত উপস্থিত হৈ ছাত্ৰী গৰাকীৰ পৰিয়ালৰ পৰা ছাত্ৰী গৰাকীৰ স্বাস্থ্যৰ খবৰ লয় ।আৰ্থিকভাৱে পিছপৰা এই পৰিয়ালটিৰ এই জটিল সন্ধিক্ষণত সাংসদগৰাকীয়ে ছাত্ৰী গৰাকীৰ উন্নত চিকিৎসাৰ বাবে সকলো প্ৰকাৰৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে। লগতে তেওঁ ছাত্ৰীগৰাকীৰ দ্ৰুত আৰোগ্য কামনা কৰে।উল্লেখযোগ্য যে কোনোমতে পেটে ভাতে খাই চলি থকা পৰিয়ালটিৰ জেষ্ঠ কন্যাগৰাকীৰ চিকিৎসাৰ বাবে আৰ্থিকভাৱে বিভিন্ন মাধ্যমৰ যোগেদি সহায়ৰ বাবে অনুৰোধ জনাইছিল আৰু সেই অনুৰোধমৰ্মে অসমৰ বহুজন সুহৃদয়বান লোকে আগবঢ়োৱা বৰঙণিৰে ছাত্ৰীগৰাকীক যোৱা ২৯ ছেপ্তেম্বৰ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।জটিল ৰোগত আক্ৰান্ত ছাত্ৰীগৰাকীৰ ইতিমধ্যে চিকিৎসা আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে।সাংসদ গৰাকীয়েও জি এম চি এইছৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি সকলো সা সুবিধাৰ ব্যৱস্থা কৰি দিছে।

Leave A Reply