Breaking

সাংসদৰ অযুক্তিকৰ মন্তব্য : ‘প্ৰধানমন্ত্ৰী মোডীয়ে দাড়ি জোকাৰিলে ৫০ লাখ টকীয়া ঘৰো সৰি পৰে’

0 2,240

মধ্য প্ৰদেশৰ ৰেৱাৰ বিজেপি সাংসদ জনাৰ্দন মিশ্ৰই আকৌ এবাৰ তেওঁৰ বক্তব্যৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰে। দৰাচলতে, এইবাৰ তেওঁ প্ৰধানমন্ত্ৰী মোডীৰ দাড়ি সম্পৰ্কে এক আচৰিত মন্তব্য দিছে। তেওঁৰ বিবৃতিত জনাৰ্দন মিশ্ৰাই কয়, “প্ৰধানমন্ত্ৰী মোডীৰ দাড়িত ঘৰ আছে। এবাৰ তেওঁ দাড়ি জোকাৰিলে, ৫০ লাখ টকীয়া ঘৰ সৰি পৰে । এতিয়া তেওঁৰ অযুক্তিকৰ মন্তব্য সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ আছে।তদুপৰি, ৰেৱাৰ সাংসদগৰাকীয়ে লগতে কয়, “যেতিয়ালৈকে প্ৰধানমন্ত্ৰীৰ মুখত দাড়ি থাকে, তেতিয়ালৈকে ঘৰ লাভ কৰি থাকিব। প্ৰধানমন্ত্ৰীৰ দাড়ি অমৰ আৰু আপোনাৰো ঘৰ অমৰ হ’ব। সেইকাৰণে প্ৰধানমন্ত্ৰীৰ দাড়িলৈ চাঁওক আৰু ঘৰ লাভ কৰক। জনাৰ্দন মিশ্ৰৰ বক্তব্য এতিয়া ভাইৰেল হৈ আছে।

Leave A Reply