Breaking

ওদালগুৰি জিলাত ২০২৩ বৰ্ষত ১১০০ গৰাকীতকৈ অধিক দুৰ্ঘটনাগ্ৰস্ত লোকক মৃত্যুঞ্জয় ১০৮ এম্বুলেন্সৰ সেৱা

0 30

মাত্ৰ যোৱা দুদিনত ওদালগুৰি জিলাৰ ভিন্ন প্ৰান্তত ১৫ জনকৈ লোক দুৰ্ঘটনাত পতিত হোৱাৰ সময়তে চলিত বৰ্ষত পথ দুৰ্ঘটনাৰ উদ্বেগ জনক তথ্য পোহৰলৈ আহিছে। 


চলিত বৰ্ষৰ ডিচেম্বৰলৈকে পথ দুৰ্ঘটনাত ১১০০ (এঘাৰশ) জনতকৈ অধিক পথ দুৰ্ঘটনা পতিত লোকক মৃত্যুঞ্জয় ১০৮ সেৱা প্ৰদান কৰা হৈছে। এয়া কেৱল মৃত্যুঞ্জয় ১০৮ এম্বুলেন্স সেৱা ব্যৱহাৰ কৰা তথ্যহে। ইয়াৰ উপৰিও এই ১০৮ সেৱা ব্যৱহাৰ  নকৰা দুৰ্ঘটনাৰ সংখ্যা অধিক হোৱাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ জানুৱাৰীত মাহত ৯৪ গৰাকী , ফেব্ৰুৱাৰীত ১০৪, মাৰ্চত ১১০, এপ্ৰিলত ১২৬, মে’ত ৯০, জুনত ৬৬, জুলাইত ৫৪, আগষ্টত ৫৪, ছেপ্টেম্বৰত ৮৫, অক্টোবৰত ৮৪, নৱেম্বৰত ১৩৪ গৰাকী আৰু বাতৰি যুগুত কৰালৈ ডিচেম্বৰ মাহত প্ৰায় ১২০ গৰাকীতকৈ অধিক দুৰ্ঘটনাগ্রস্ত লোকক মৃত্যুঞ্জয় ১০৮ বিনামূলীয়া সেৱাৰে দুৰ্ঘটনা স্থলীৰ পৰা ওচৰৰ চিকিৎসালয়লৈ ও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী ও তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ১০৮ সেৱাৰে প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে অধিকাংশ দুৰ্ঘটনাৰ কাৰণ হৈছে অত্যধিক সুৰাপান, অনভিজ্ঞ চালক, নিয়ন্ত্ৰণহীন গতিবেগ, যান-বাহন আইন উলংঘন,  ইংৰাজী নৱ বৰ্ষৰ লগতে, শাৰদীয় উৎসৱৰ সময়ত দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পায়। বহাগ বিহুৰ সময়তো তুলনামূলকভাৱে দুৰ্ঘটনা বৃদ্ধি পায়।

তথ্য অনুসৰি চলিত বৰ্ষৰ এপ্ৰিল মাহত অৰ্থাৎ বহাগ বিহুৰ বতৰত ১২৬ গৰাকী দূৰ্ঘটনাগ্ৰস্ত লোকক মৃত্যুঞ্জয়  ১০৮ বিনামূলীয়া সেৱা প্ৰদান কৰা হৈছে।এইক্ষেত্ৰত সম্প্ৰতি জিলা প্ৰশাসনে আৰক্ষী, পৰিবহণ ও আবকাৰী বিভাগৰ সহযোগত দুৰ্ঘটনা ৰোধ কৰিবলৈ জিলাখনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

Leave A Reply