Breaking

চিকিৎসালয়লৈ গৈ মুকালমুৱাৰ এগৰাকী বোৱাৰী সন্ধানহীন! লগত আছিল তিনিবছৰীয়া এটি

0 1,116

নলবাৰীৰ জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ৩ নম্বৰ বৰতলা গাঁৱৰ বোৱাৰী বৰষা দাস যোৱা ৯ জুনৰ দুপৰীয়াৰ পৰা সন্ধানহীন হৈ থকা বুলি জনাইছে পৰিয়ালৰ লোকে। উল্লেখ্য যে আজিৰ পৰা প্ৰায় তিনি বছৰ পূৰ্বে ৩ নম্বৰ বৰতলা গাঁৱৰ অভিজিত দাস নামৰ যুৱকজনে পৰিয়ালৰ সন্মতি সাপেক্ষে বৰষাক বিয়া কৰায় আনিছিল। দুয়োৰে যুগ্ম জীৱনৰ সাক্ষী স্বৰূপে প্ৰিয়াক্ষী দাস নামৰ এজনী কণমানি কন্যা সন্তানো তেওঁলোকৰ জীৱনলৈ আহিছিল। পিছে পৰিয়ালৰ লগত মুকালমুৱাস্থিত সামূহিক চিকিৎসালয়লৈ গৈয়েই সন্ধানহীন হৈ পৰে মহিলাগৰাকীৰ লগতে কণমাণিগৰাকী।

সেয়েহে, তেওলোকৰ পৰিয়ালটি কান্দোনত ভাগি পৰিছে। তিনি বছৰীয়া কণমানিজনীৰ সৈতে হঠাৎ ক’ত হেৰাল মহিলাগৰাকী? ইতিমধ্যে দুৰ্ভাগীয়া পৰিয়ালটিৰ তৰফৰ পৰা মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে যদিও বৰ্তমানেও সন্ধান লাভ কৰা নাই মহিলাগৰাকীৰ লগতে কণমাণিটিৰ। কোনো সদাশয় লোকে কণমানি জনীৰ সৈতে মহিলাগৰাকীক দেখা পালে 6000347141মোবাইল নম্বৰত দুৰ্ভগীয়া পৰিয়ালটোৰ সৈতে যোগাযোগ কৰিব পাৰিব।

Leave A Reply