Breaking

মুক্তিযুজাৰু শৰৎ চন্দ্ৰ শৰ্মা সোঁৱৰণী দিবানৈশ ভলীবল প্ৰতিযোগীতা

0 2,060

গ্ৰামাঞ্চলৰ প্ৰতিভাসমুহ বিকাশৰ অৰ্থে এখন মঞ্চ দিয়াৰ স্বাৰ্থত জামুগুৰি ক্ৰীড়া সন্থাই প্ৰতিবছৰেই অনুষ্ঠিত কৰি অহা ভলীবল প্ৰতিযোগীতাখনি এইবেলিও ১৪ ফেব্ৰুৱাৰীৰ দিনটোত অনুষ্ঠিত হয়৷মুক্তিযুজাৰু শৰৎ চন্দ্ৰ শৰ্মা সোঁৱৰণী দিবানৈশ ভলীবল প্ৰতিযোগীতাখনিত জামুগুৰিহাটৰ গ্ৰামাঞ্চল সমুহৰপৰা অহা কেবাটাও দলে অংশগ্ৰহণ কৰে৷বিয়লি ২ বজাত জামুগুৰি ক্ৰীড়া সন্থাৰ সভাপতি গৌতম লাহনে উদ্বোধন কৰা দিবা নৈশ ভলীবল প্ৰতিযোগীতাখনিত শলগুৰি ভলীবল দল আৰু সৰুভগীয়া ভলীবল দলৰ মাজত অনুষ্ঠিত তীব্ৰ উত্তেজনাপূৰ্ণ ফাইনেল খেলখনত শলগুৰি ভলীবল দলে খিতাপ দখল কৰিবলৈ সক্ষম হয়৷বিজয়ী আৰু ৰাণাৰ্চ আপ দুয়োটা দলকে নগদ ধনেৰে পুৰস্কৃত কৰে উদ্যোক্তাসকলে৷আনহাতে ভলীবল প্ৰতিযোগীতাখনিত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত হৈ জামুগুৰি ক্ৰীড়া সন্থাই গ্ৰামাঞ্চলৰ প্ৰতিভাসমুহ বিকাশৰ বাবে লোৱা এনে পদক্ষেপৰ শলাগ লোৱাৰ লগতে খেলুৱৈসকলক উদ্দেশ্যিও উৎসাহজনক মন্তব্য আগবঢ়াই৷পুৱতি নিশালৈকে অনুষ্ঠিত ভলীবল খেলখনত ৰাইজৰ অকুণ্ঠ সঁহাৰীৰ বাবেও কৃতজ্ঞতা জ্ঞাপন কৰে জামুগুৰি ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি ৰাজেশ শৰ্মা,সম্পাদক অঞ্জনজ্যোতি বৰুৱা আৰু খেল পৰিচালনা সমিতিৰ সম্পাদক বিৰাজ শইকীয়াই৷

Leave A Reply