Breaking

উলুবাৰীত পৌৰনিগমৰ পাইপ ফাটি পানীৰ অপচয়। পানীৰে উপচি পৰিছে দক্ষিণ শৰনীয়া সংযোগী পথ, নিৰ্বিকাৰ গুৱাহাটী পৌৰনিগম

0 1,071

গুৱাহাটী : গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিব লগা হয়৷ পৌৰনিগমৰ তৰফৰ পৰা এতিয়ালৈকে ৭০ শতাংশ নাগৰিকক পানী যোগান ধৰিব পৰা নাই৷ তেনেস্থলত গুৱাহাটী পৌৰনিগমৰ দায়িত্বহীনতা বাবে একাংশ পথত পানীৰ পাইপ ফাটি হাজাৰ হাজাৰ লিটাৰ পানীৰ অপচয় হৈ আছে৷ মহানগৰীৰ উলুবাৰীস্হিত দক্ষিণ শৰণীয়া সংযোগী পথত চলিত মাহৰ প্ৰথম সপ্তাহত গুৱাহাটী পৌৰনিগমৰ এডাল পাইপ ফটাৰ বাবে যথেষ্ট পৰিমাণৰ পানীৰ অপচয় হৈছে৷ যিটো সময়ত মহানগৰবাসীয় ৰাইজে এটুপি পানীৰ বাবেই হাহাকাৰ কৰিব লগা হয়, তেনেস্থলত দক্ষিণ শৰণীয়াৰ পাঞ্জাৱ নেচনেল বেংকৰ এটি এমৰ সন্মুখৰ ভাগত এনেকৈ পানী অপচয় হোৱাৰ বাবেই একাংশ নাগৰিক পানীৰ পৰা বঞ্চিত হৈছে৷ ইপিনে এই পথচোৱা চলিত বৰ্ষৰ জানুৱাৰী মাহত নিৰ্মাণ কৰা হৈছে৷ স্হানীয় ৰাইজৰ অভিযোগ এনেকৈ যদি এই পথচোৱা পানীৰে উপচি থাকে তেন্তে অতি কম সময়ৰ ভিতৰত পথচোৱা জৰাজীৰ্ণ অৱস্থালৈ পৰ্যবসিত হ’ব সেয়া নিশ্চয় বুলি মত পোষন কৰে৷ সেয়ে পৌৰনিগমৰ তৰফৰ পৰা শীঘ্ৰেই পানীৰ পাইপ মেৰামতি কৰি নিৰ্গত হোৱা পানী বন্ধ কৰিবলৈ স্হানীয় ৰাইজে অনুৰোধ জনায়।

Leave A Reply