Breaking

মুছলিম ছাত্ৰ সন্থাৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱস উদযাপন সম্পন্ন…

0 98


গুৱাহাটী হাতীগাওঁত দিনযোৰা কাৰ্যসূচীৰে পালন কৰে এই প্ৰতিষ্ঠা দিৱস।মুছলিম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মুকলি সভাৰ আয়োজন কৰে ছাত্ৰ সংগঠনটোৱে। মুকলি সভাখনত সভাপতিত্ব কৰে ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি জালাল উদ্দিন আৰু উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানীয়ে।

উক্ত মুকলি সভাত অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। মীৰা বৰঠাকুৰে কয় যে এই সময়ত মুছলিম ছাত্ৰ সন্থা অসমৰ সভাত উপস্থিত হ’বলৈ হ’লে সাহস থাকিব লাগিব।আনহাতে অসমৰ জনপ্ৰিয় কন্ঠ শিল্পী ময়ূৰী দত্তই সকলোৱে মিলা প্ৰীতিৰে দেশখনক আগুৱাই নিবলৈ কৈ নিজৰ এটি গীতেৰে ভাষণ সমাপ্ত কৰে। মুকলি সভাখনত প্ৰথমবাৰৰ বাবে একেলগে দেখা গ’ল মুছলিম ছাত্ৰ সন্থা,এবছু,বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা,সদৌ তাই আহোম ছাত্ৰ সন্থা,ঊলেমা কাউন্সিল অসম,সদৌ বৰ্মন মান্দাই ছাত্ৰ সন্থা আৰু অন্যান্য সংগঠনৰ প্ৰতিনিধিৰ সমন্বয় যাত্ৰা।

মুছলিম ছাত্ৰ সন্থা অসমৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱসত অতিথি হিচাপে অংশগ্ৰহণ কৰে আবুল খায়েৰ, প্ৰাক্তন সাধাৰণ সম্পাদক,মুছা,মুছাৰ কাৰ্যকৰী সভাপতি জব্বৰ আলী, প্ৰচাৰ সম্পাদক মজনুৰ হুছেইন,সদৌ তাই আহোম ছাত্ৰ সন্থাৰ উপ সভাপতি চাও মনোজ গগৈ,এবিএমছু ৰ সভাপতি আশ্ৰাফুল হুছেইন শ্বেইখ ,ঊলামা কাউন্সিল অসমৰ সভাপতি মৌলানা ৰফিকুল ইছলাম, বৰ্মন মান্দাই ছাত্ৰ সন্থা সাধাৰণ সম্পাদক পদুম বৰ্মন, মুছা প্ৰাক্তন সাংগঠনিক সম্পাদক আৰ্শাদ বক্শী, আমছুৰ প্ৰাক্তন সভাপতি মাহমুদ হাচান, নিখিল বড়ো ছাত্ৰ সন্থা প্ৰতিনিধি,মুছা প্ৰাক্তন কৰ্মী আৰু দুই শতাধিক বিভিন্ন জিলা সমিতিৰ কৰ্মী ইয়াৰ ওপৰিও যুৱ সমাজ কৰ্মী জছিম খান,ইউটোবাৰ বিকি আহম্মেদ আৰু 70 জনকৈ ছাত্ৰ-ছাত্ৰী। প্ৰতিকুল বতৰৰ মাজতো শান্তি পুৰ্ন বাবে সম্পন্ন হয় মুছাৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱস।

মুকলি সভাৰ পিছতে অনুষ্ঠিত হয় ছাত্ৰ সংগঠনটোৰ বিশেষ কেন্দ্ৰীয় কাৰ্যকৰী সভা।কেন্দ্ৰীয় আৰু জিলা সমিতিৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাৰ সভাপতিত্ব কৰে ছাত্ৰ সংগঠনটোৰ সভাপতি জালাল উদ্দিনে।
*সভাৰ সিদ্ধান্ত মৰ্মে ছাত্ৰ সংগঠনটোৰ শোণিতপুৰ জিলা সমিতিখন ভংগ কৰাৰ ওপৰিও ওদালগুৰি জিলা সমিতিৰ সভাপতি মিয়াৰুল ইছলাম,দৰং জিলা সমিতিৰ সভাপতি জেহেৰুল খলিফাক কেন্দ্ৰীয় সমিতিৰ সম্পাদক পদলৈ পদোন্নতি কৰে আৰু বৰপেটা জিলা সমিতিৰ সভাপতি মহিবুল ইছলামক উপ-সভাপতি পদলৈ পদোন্নতি কৰে।

*আনহাতে অহা একমাহৰ ভিতৰত প্ৰতিখন জিলা সমিতি সাধাৰণ সভা অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে ছাত্ৰ সংগঠনটোৱে। সভাৰ শেষত সাংবাদিক সকলক সম্বোধন কৰি ছাত্ৰ নেতা জালাল উদ্দিনে কয় যে অলপতে যিহেতু অসমৰ প্ৰতিখন জিলাতে বানপানী হ’ব পাৰে গতিকে ছাত্ৰ সন্থাৰ সকলো সদস্যকেবানাক্ৰান্ত স্থান সমূহত ৰাইজৰ মাজত সজাগতা অনাৰ বাবে জিলা প্ৰশাসনৰ লগত একেলগে কাম কৰাৰ নিৰ্দেশ দিয়ে। শেষত সকলো স্তৰৰ ব্যক্তিক মুছলিম ছাত্ৰ সন্থা অসমৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱস সফল কৰাৰ বাবে ধন্যবাদ জনাই সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানীয়ে।

Leave A Reply