Breaking

ভাৰত তথা অসমৰ মুছলমান মোগল নহয়। ইতিহাস বিকৃতিকৰণেৰে গোষ্ঠীগত সংঘৰ্ষ সৃষ্টিৰ উদ্দেশ্য বিজেপি-আৰ এছ এছৰ…

0 79

বিজেপি আৰু আৰু আৰ এছ এছেছে ইতিহাস বিকৃত কৰি অসম তথা ভাৰতত গোষ্ঠীগত সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ চেষ্টা চলাই আহিছে। এই গুৰুত্বপূৰ্ণ মন্তব্য অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ। এক সংবাদমেলত এই বিস্ফোৰক মন্তব্য কৰি ৰহমানে কয় যে মংগোলীয় বীৰ চেংগীজ খাঁৰ বংশধৰ আছিল বাবৰ। বাবাৰ সৈতে এমুঠিমান ইছলাম ধৰ্মালম্বীৰ লোক ভাৰতলৈ আহি বিভিন্ন জনগোষ্ঠীৰ যুবতীক বিয়া পাতি বংশ বৃদ্ধি কৰিছিল। ভাৰতৰ সম্ৰাটজনক বুৰঞ্জীত মোঘল অথবা মোংগল বুলি কোৱা হৈছে। মতিউৰ ৰহমানে আজিৰ তাৰিখত ভাৰতত এক শতাংশ মঙ্গোলীয় মূলৰ অবশিষ্ট নাই বুলি উল্লেখ কৰি অসমত খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ মাজত সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ বিজেপি আৰু আৰ এছ এছ দলে এই কাৰ্য কৰি থকাৰ অভিযোগ উত্থাপন কৰে।

তেওঁ গৰীয়া-মৰিয়া-দেশী সকল বিভিন্ন জনজাতীয় আৰু হিন্দু অসমীয়া সমাজ সৈতে একাত্ম হৈ থকা বুলি উল্লেখ কৰি এই সকলক পৃথক কৰিলে অসমীয়া সমাজ বাচি থাকিবনে বুলি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে। অসমৰ হাজাৰ বছৰীয়া ইতিহাসত সাম্প্ৰদায়িকতাৰ তিলমানো স্হান নাই যদিও একাংশই সাম্প্ৰদায়িকতাক আদৰি ৰাজ্যখন ধ্বংস কৰিবলৈ আগবঢ়া বুলি মত প্ৰকাশ কৰে। সংবাদমেলত ৰহমানে সকলো খিলঞ্জীয়াক এনে নিকৃষ্ট সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে একগোট হৈ থিয় দিবলৈকো আহ্বান জনায়। আজিৰ সংবাদমেলত টাই সাহিত্য সভাৰ সভাপতি ডাঃ হেমন্ত গগৈও উপস্থিত থাকে।

Leave A Reply