Breaking

সৰিয়হ ফুলা বতৰত বৰনৈ বাকৰিত উন্মোচিত হল “মাজুলীৰ কনেং-২”

0 1,032

মহুৰামুখৰ উত্তৰ অংশৰ বানে বিধস্ত কৰা বংকোৱাল অঞ্চলৰ বহু কেইবাগৰাকী শিল্পীৰ প্ৰচেষ্টাত ময়ূৰ প্ৰডাকচনে ইতিমধ্যে কেইবাটাও জনপ্ৰিয় গীত ৰাইজক উপহাৰ দিবলৈ সক্ষম হৈছে ৷ সৰিয়হ ফুলা বতৰত মহুৰামুখৰ বংকোৱাল অঞ্চলৰ উদীয়মান কণ্ঠ শিল্পী নিয়ৰ পল আৰু  মৃদুস্মিতা ডেকাৰ কন্ঠত “মাজুলি কনেং-২” নামৰ এটি নতুন মিছিং ঐনিতম সুৰীয়া অসমীয়া গীত অসমৰ সংগীত জগতত সংযোজন কৰাইছে।ময়ুৰ প্ৰডাকচনৰ বেনাৰত মন পৰশা ঐনিতম সুৰীয়া অসমীয়া গীতটোৰ কথা-সুৰ নিয়ৰ পলৰ,গীতটোৰ সংগীত আৰু শব্দ সংমিশ্ৰণৰ কৰিছে বিশ্বজিত মৰাঙে।

আজি এই উপলক্ষে বংকোৱাল বালিচাপৰি নাট্য মন্দিৰত যুৱ সমাজকৰ্মী  লুহিত মৰাঙে আঁতধৰা অনুষ্ঠানত গীতটি উন্মোচন কৰে বংকোৱাল অপৰাজিতা শিল্পী গোষ্ঠীৰ সভাপতি ভৱেশ দাৱে।  গীতটোৰ শুভ মুক্তি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ৯০ দশকৰ জনপ্ৰিয় কন্ঠশিল্পী ললিত লইঙ ,জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছাম গোলাঘাট জিলা সমিতিৰ সম্পাদক চন্দন বৰা , শিক্ষক তৰুন দাও , সাংস্কৃতিক কৰ্মী ডিমেশ্বৰ দাৱে উপস্থিত থাকি  শুভেচ্ছামূলক বক্তব্য আগবঢ়াই । অনুষ্ঠানত শিক্ষক নয়ন জ্যোতি বাৰুকিয়াল, সাংবাদিক বলোৰাম কামান , সংগীত পৰিচালক বিশ্বজিত মৰাং , কন্ঠ শিল্পী পিকে ৰাজ আদি উপস্থিত থাকে । ময়ুৰী  প্ৰডাকচনৰ বেনাৰত উদিয়মান কন্ঠ শিল্পী নিয়ৰ পলৰ কথা আৰু সুৰ কৰা  বিহুসুৰীয়া গীতটো ময়ুৰী প্ৰডাকচনৰ ইউটিউব চেনেলত উপলব্ধ হব। আনহাতে গীতটোক লৈ আশাবাদী কন্ঠ শিল্পী নিয়ৰ পল ।

Leave A Reply