Breaking

“মোৰ পৃথিৱীখন শেষ হৈ গ’ল”-এগৰাকী মাতৃৰ হিয়াভঙা কান্দোন…

0 69

সন্তানক হেৰুওৱাৰ বেদনা কেৱল পিতৃ মাতৃৰ বাহিৰে হয়তো কোনো লোকেই বুজি নাপাব কিমান অসহ্যকৰ হয়। এসপ্তাহৰ ভিতৰত দুজনকৈ পুত্ৰক হেৰুৱাই পুত্ৰ শোঁকত ভাগি পৰিছে এগৰাকী দুৰ্ভুগীয়া মাতৃ।

যোৱা ১ জানুৱাৰীত জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৭জনকৈ লোক নিহত হৈছিল। নিহত লোককেইজনৰ ভিতৰত সৰোজ বালা নামৰ মহিলাগৰাকীৰ ২৭ বছৰীয়া পুত্ৰ দীপক শৰ্মা নিহত হৈছিল।

আনহাতে আহত হৈছে প্ৰিন্স শৰ্মা নামৰ দ্বিতীয় পুত্ৰও। প্ৰিন্স এই বিস্ফোৰণৰ পিছতে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। কিন্তু নিয়তিৰ কি পৰিহাস! দুৰ্ভুগীয়া মাতৃগৰাকীৰ দ্বিতীয় পুত্ৰ ২১ বছৰীয়া প্ৰিন্স শৰ্মায়েও মৃত্যুক সাবতি ল’লে।

উল্লেখযোগ্য যে, যোৱা ১ জানুৱাৰীৰ সন্ধিয়া ধনগ্ৰীত তিনিটা পৰিয়ালক লক্ষ্য কৰি আক্ৰমণ কৰিছিল সন্ত্ৰাসবাদীয়ে। এই আক্ৰমণত দীপক আৰু আন তিনিজনৰ মৃত্যু হয়।

আনহাতে সন্ত্ৰাসবাদীয়ে এৰি থৈ যোৱা এটা আই ইডি ইয়াৰ পিছৰ দিনা বিস্ফোৰণ হয়। ফলত একেটা পৰিয়ালৰে বিহান কুমাৰ শৰ্মা আৰু সমীক্ষা শৰ্মা নামৰ দুটি শিশুৰ থিতাতে মৃত্যু হয়।

Leave A Reply