Breaking

চেলেংহাট ৰেল ষ্টেচনত বনকৰ্মীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য…

0 50

চেলেংহাট ৰেল ষ্টেচনত বনকৰ্মীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰকলৈ চাঞ্চল্য

যাত্ৰাৰ পদপথত হত্যাৰ সন্দেহ বনকৰ্মীক

ৰাজ্যত দৈনিক বৃদ্ধি পাব ধৰিছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা | অপৰাধ ৰোধ কৰাত প্ৰায়ে ব্যৰ্থ হব ধৰিছে অসম আৰক্ষী | হত্যা আৰু হিংসাই বিয়পি পৰিছে অসম | সমাগত লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পাছতো ৰাজ্যত নিৰাপত্তা দিশটো পুতৌজনক | শিৱসাগৰ আৰু চৰাইদেউ অবিভক্ত অঞ্চলত হত্যাকাৰীৰ মুকলি বিচৰণ | চেলেংহাট ৰেল ষ্টেচনত বনকৰ্মীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰকলৈ তীব্ৰ চাঞ্চল্য |

খনামুখ খুতৰাহাবি অঞ্চলৰ ৰাতুল গগৈ (৫০) বুলি চিনাক্ত | যাত্ৰাৰ পদপথত হত্যাৰ সন্দেহ বনকৰ্মীজনক | চৰাইদেউ বৰহাট ষ্টেচনৰ পৰা আমগুৰি ষ্টেচনলৈ আহি আছিল বনকৰ্মীজন | কিন্তু বনকৰ্মীজনৰ ৰহস্যজনক মৃতদেহ চেলেংহাট ৰেল ষ্টেচনত উদ্ধাৰকৈ অঞ্চলজুৰি উত্তেজনা অব্যাহত আছে | DGP G P Sings ডাঙৰীয়াৰ আৰক্ষী বাহিনীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হবনে ? এই দুৰ্ধৰ্ষ গুপ্তহত্যাকাৰীক |

আনহাতে পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি ঘৰলৈ অহাৰ আগদিনা নিশা বনকৰ্মীজনক বনাঞ্চলিক বিষয়া ময়ুৰ ভৰদ্বাজে শাৰীৰিক ভাৱে প্ৰহাৰ কৰিছিল | বৰহাটৰ পৰাই ঘৰলৈ ফোন কৰি বনকৰ্মীজনে বনাঞ্চলিক বিষয়াজনে প্ৰহাৰ কৰাৰ কথা অৱগত কৰাৰ লগতে চিকিৎসা কৰিবলৈ ঘৰলৈ গৈ আছো বুলি মোবাইল ফ’নত জনাইছিল পৰিয়ালৰ লোকক | ঘটনা তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আৰক্ষীক দাবী জনাইছে ভুক্তভূগীৰ পৰিয়ালৰ লোকে |

Leave A Reply