Breaking

পুনৰ অসমৰ যুৱকৰ বহি ৰাজ্যত ৰহস্যজনক ভাৱে মৃত্যু

0 1,231

অনলাইন বাৰ্তা, ১৯ ডিচেম্বৰ :পুণৰ বহি ৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ হোজাইৰ ডবকাত চাঞ্চল্যক সৃষ্টি কৰিছে । মুম্বাইত মৃত্যু হৈছে হোজাই জিলাৰ ডবকাৰ পূৱ বুগুৰি গাঁৱৰ এজন যুৱকৰ। ইনজামূল হ’ক  নামৰ ১৮ বছৰীয়া যুৱকজনে ছয় মাহ পূর্বে মুম্বাইৰ সঞ্জয় হোটেলত কর্মত নিয়োজিত হৈছিল। যোৱা নিশা যুৱকজনৰ বিদ্যুৎ স্পর্শ হৈ মৃত্যু ঘটে বুলি পৰিয়ালৰ লোকলৈ খবৰ আহে। লগে লগে পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়। যুৱকজনৰ মৃতদেহ মুম্বাইৰ পৰা অসমত আনিবলৈ বিপাঙত পৰিছে দৰিদ্ৰ  পৰিয়ালটো।আনহাতে চিকিৎসালয় কৰ্তৃপক্ষই যুৱক জনৰ কভিড-১৯ পজিটিভ ধৰা পৰাৰ কথা অৱগত চিন্তিত হৈ পৰিছে। উল্লেখ যে, বর্তমান মুম্বাইৰ ৱর্লিত শতাব্দী হাস্পতালত আছে যুৱকজনৰ মৃতদেহ।ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজৰ লগতে পৰিয়ালবর্গই।

Leave A Reply