তিনিচুকীয়া জিলাৰজাগুনত মঙ্গল বাৰে সেনাবাহিনীৰ দ্বাৰা আটক কৰা হয় এজন এন, এছ, চি, এন(আই, এম)ৰ দুৰ্ধৰ্ষ কেডাৰ। জাগুনস্থিত সেনাছাউনিৰ এটা দলে অভিযান চলাই আটক কৰে কেডাৰ জনক। মঙ্গল বাৰে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই টিংকু পানী সংৰক্ষিত বনাঞ্চলৰ পৰা এন, এছ, চি, এন, ৰ সদস্যজনক আটক কৰিবলৈ সক্ষম হয় সেনাবাহিনীৰ দলটোৱে।আটকাধিন সদস্য জনৰ নাম মনোৰঞ্জন পাইট(২৮)বুলি জানিব পৰা গৈছে। জাগুন ২নং কাংকান গাঁৱৰ স্বৰ্গীয় তানুৰাম পাইট, ৰ পুত্ৰ বুলি জানিব পৰা গৈছে আটকাধিন কেডাৰ জন। কেডাৰ জনৰ পৰা সেনাবাহিনীয়ে আমেৰিকাত নিৰ্মিত এটা ৭.৬৫ এম,এম পিষ্টল, তিনি ৰাউণ্ড সজীৱ গুলী,২৫০গ্ৰাম বিস্ফোৰক , এটা চেফটি ফিউজ আৰু এটা ডিটনেটৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমানে কেডাৰ জনক সেনাবাহিনীয়ে লেখাপানী আৰক্ষীক চমজাই দিছে। লেখাপানী আৰক্ষীয়ে আটকাধিন কেডাৰ জনক প্ৰাৰম্ভিক চিকিৎসা পৰীক্ষা কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বিবাহিত জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু মোবাইল ফোন! মোবাইলক নহয়, সংগীক সময় দিয়ক…
- দাউদী বহৰা ধৰ্মগুৰু চৈয়দনা চাইফুদ্দিনৰ গোচৰত উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়…
- ভাৰতীয় ষ্টক মাৰ্কেটত চেন্সেক্স-নিফটি প্ৰবল উত্থানৰ সৈতে মুকলি…
- ৰঙিয়া মহাবিদ্যালয় বাণিজ্য শাখাৰ প্ৰতিষ্ঠা কালৰ অধ্যাপক ড° দিলীপ কুমাৰ ডেকাৰ দেহাৱসান…
- আমিনগাঁৱৰ ডালদাত ভয়াৱহ পথ দুৰ্ঘটনাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখনকৈ ট্ৰাকৰ সংঘৰ্ষ…
- APSCৰ পৰীক্ষা কেলেংকাৰিৰ অৱশেষত খতিয়ান দিবলৈ বাধ্য হ’ল SIT…
- মৰাণৰ ঝলমত ভয়ংকৰ পথ দুৰ্ঘটনাত মাতৃ-কন্যাৰ মৃত্যু…
- ডায়েৰিয়া হ’লে শিশুক গাখীৰ দিব লাগেনে? কি কি খাদ্য খালে ডায়েৰিয়াৰ সমস্যা বৃদ্ধি হয় জানি লওক
- আজি হেমন্ত ছোৰেনৰ জামিন আবেদনৰ ৰাঁচীৰ বিশেষ আদালতত হ’ব শুনানি…
- মালয়ছিয়াত দুৰ্ঘটনাত পতিত দুখন হেলিকপ্টাৰত ১০জন জোৱানৰ মৃত্যু…