Breaking

দিছৈভেলী সংৰক্ষিত বনাঞ্চলত নগাৰ বেদখল চাবলৈ যাওঁতে বন কৰ্মীলৈ লক্ষ্য কৰি নগাৰ গুলী বর্ষণ

0 65

মৰিয়নীৰ অসম নগালেণ্ড সীমান্তত উত্তপ্ত পৰিস্থিতি। বন বিভাগক উদ্দেশ্যি নগা দুৰ্বৃওৰ গুলীবৰ্ষণ।

দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত বন ধ্বংস কৰি থকা নগা বেদখলকাৰীক বাধা দিবলৈ গৈছিল বন বিভাগৰ এটা দল।

নগা বেদখলকাৰীয়ে অসমৰ বন বিষয়া কৰ্মচাৰীলৈ লক্ষ্য কৰি ৪ জাই গুলী নিক্ষেপ কৰে। সৌভাগ্য ক্ৰমে হতাহত হোৱাৰ পৰা ৰক্ষা পৰে বনকৰ্মীৰ দলটো।

ঘটনাস্থলীত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সংবাদকৰ্মীৰ এটা দলো উপস্থিত আছিল।

বৰ্তমানেও বনাঞ্চল খনত শতাধিক অস্ত্ৰধাৰী নগা লোকে অৱস্থান কৰি আছে। সীমান্তৰ অসমীয়াৰ মাজত আতংক।

Leave A Reply