Breaking

পুনৰ বিতৰ্কৰ আৱৰ্তত নগাঁও এ.জে হাস্পতাল

0 1,605

পুনৰ বিতৰ্কত নাম সাঙোৰ খাইছে নগাঁও এ.জে হস্পিতালৰ।এইখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয় এ,জে হস্পিতালৰ বিৰুদ্ধে বাৰে বাৰে ভুল চিকিৎসা সেৱা আগবঢ়োৱাৰ অভিযোগ উখাপিত হৈ আহিছে।পূৰ্বেও এইখন বিতৰ্কিত এ,জে হস্পিতালৰ বিৰুদ্ধে ভূল চিকিৎসা সেৱা আগবঢ়োৱাৰ বাতৰি প্ৰকাশিত হৈছিল বিভিন্ন সংবাদ মাধ্যমত।এইবাৰ পুনৰ একেই অভিযোগ এইখন হস্পিতালৰ বিৰুদ্ধে । নগাঁও জিলাৰ বটদ্ৰৱাৰ বাটমাৰী গাৱঁৰ আব্দুল হক নামৰ এইজন লোকে এইখন এ,জে হস্পিতালৰ বিৰুদ্ধে ভুল চিকিৎসা সেৱা আগবঢ়োৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে।এইখন হস্পিতালত বিগত আঠমাহ পূৰ্বে ভৰিত স্কেল বহুৱাই অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল এইজন আব্দুল হকৰ।কিন্তু এতিয়া এক্সৰে ৰিপ’ৰ্টত স্কেলখন ভাঙি দুটা ভাগত বিভক্ত হোৱাৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ।

এ.জে হস্পিতালৰ চিকিৎসক ডাঃ অঞ্জন বৰাই সম্পন্ন কৰিছিল এই অস্ত্ৰোপচাৰ।এইক্ষেত্ৰত এ.জে হস্পিতাল কৰ্তৃপক্ষই ভূক্তভোগী আব্দুল হকৰ উন্নত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিয়ালৰ লোকে হস্পিতালৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ।

Leave A Reply