Breaking

নগাঁও জিলা হেণ্ডবল দল ঘোষণা

0 2,007

অহা ২৬ ফ্ৰেব্ৰুৱাৰীৰ পৰা ১৭ সংখ্যক অচ্যুত বৰুৱা সোঁৱৰনী আন্ত : জিলা চিনিয়ৰ (পুৰুষ) হেণ্ডবল প্ৰতিযোগিতা নলবাৰীত অনুষ্ঠিত হব। এই উপলক্ষে নগাঁও জিলা হেণ্ডবল এচচিয়েচনে আগন্তুক নলবাৰীত হব লগা আন্তঃজিলা হেণ্ডবল প্ৰতিযোগিতাৰ বাবে নগাঁও জিলা দল ঘোষণা কৰিছে। জিলা দলটোৰ সদস্যসকল হৈছে পিংকু মাদুৰ  (গাওঁখোৱা) , নিপেন দেউৰজা, অভিজ্ঞান দেউৰী, লক্ষ্য পাটৰ, পূৰ্ন পাটৰ, ৰোৱেল পাটৰ, নিপুল বৰদলৈ, দীপজ্যোতি গাওঁখোৱা, ভূষণ কোঁৱৰ, অৰুন  বৰদলৈ, পৰশু ডেকাৰজা, আৰু কৌস্তভ ডেকা । অন্যহাতে সুমেন্দ্ৰ  দেউৰী আৰু গোবিন্দ ডেকাৰজাক তত্বাৱধায়ক হিচাপে দায়িত্ব অৰ্পন কৰা বুলি সম্পাদক সুধন্য কুমাৰ সেনাপতিয়ে জনাইছে ।