Breaking

নগাঁও পৌৰসভাৰ কেইবাটাও মহলাত বিধায়ক ৰূপক শৰ্মাৰ প্ৰচাৰ অভিযান

0 1,052

নগাঁও পৌৰসভাৰ অন্তৰ্গত ৫ নং, ৯নং আৰু ১১ নং মহলাৰ ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী গজেন বৰা,অৰূপ বৰদলৈ আৰু বিজয় গুপ্তাৰ হৈ মহলাকেইটাত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে বিধায়ক ৰূপক শৰ্মাই।নিৰ্বাচনী সভাকেইখনত উপস্থিত থাকি বিধায়ক গৰাকীয়ে কয় যে মহলাসমূহৰ ৰাইজৰ বিপুল সহাৰিয়ে প্ৰমাণ কৰিছে যে প্ৰাৰ্থী কেইগৰাকীৰ জয় নিশ্চিত।

লগতে বিধায়ক গৰাকীয়ে সবকা সাথ সবকা বিকাশৰ লক্ষ্যৰে মহলাকেইটাত থকা বিভিন্ন জাতি, ধৰ্মৰ ভোটাৰ ৰাইজক প্ৰাৰ্থী সকলক বিপুল ভোটত বিজয়ী কৰি মহলাসমূহৰ উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ আহ্বান জনায় । বিধায়ক গৰাকীয়ে নিৰ্বাচনী সভাসমূহত কংগ্ৰেছ দলক চোকা সমালোচনা কৰে।

Leave A Reply