Breaking

ড্ৰাগচৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান

0 1,123

নগাঁও, ৬ ডিচেম্বৰ :  নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক  মোহনলাল মিনাৰ নেতৃত্বত ধিঙৰ সোনাৰী গাঁৱৰ হাবিল আলিৰ ঘৰত চলোৱা এক অভিযানত বৃহৎ পৰিমানৰ ড্ৰাগচৰ লগতে গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী আৰক্ষীৰ দলটোৱে ৷ এই অভিযানত দুই কিলোগ্ৰাম হিৰ’ইন, ৯৭৭ গ্ৰাম আফিংৰ  লগতে ১ কুইন্টল গাঞ্জা জব্দ কৰে নগাঁও আৰক্ষীয়ে  ৷ এই অভিযানত মূল অভিযুক্ত হাবিল আলিৰ লগতে মফিদুল হক আৰু বাহাদুল আলম নামৰ তিনিজনক আটক কৰাৰ লগতে হাবিল আলিৰ ঘৰৰ পৰা আৰক্ষীয়ে নগদ ১০ লাখ ৭০ হাজাৰ টকা, এখন মহিন্দ্ৰ এক্স ইউ ভি গাড়ী, এখন চুইফট ডিজায়াৰ গাড়ী আৰু এখন পালচাৰ মটৰচাইকেল জব্দ কৰিছে ।

Leave A Reply