Breaking

বিশিষ্ট লেখক,কবি সাংবাদিক শিৱপ্ৰসাদ বৰাৰ অকাল বিয়োগঃ নগাঁৱত শোকৰ ছাঁ

0 1,124

নগাঁৱৰ  বিশিষ্ট সাংবাদিক,সু সাহিত্যিক,কবি,সমাজ সংগঠক,অসম আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা শিৱপ্ৰসাদ বৰাৰ আজি পুৱা নগাঁও চহৰৰ আমোলাপট্টিস্থিত হাউচিং কলনীৰ বাসগৃহত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অকাল মৃত্যু ঘটে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৫ বছৰ। ইপিনে শিৱপ্ৰসাদ বৰাৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে  নগাঁও জিলাত শোকৰ ছাঁ পৰে।নগাঁও জিলাৰ ৰাইদঙীয়া অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ প্ৰয়াত দেৱকান্ত বৰা আৰু সমাজকৰ্মী প্ৰেমলতা বৰাৰ কণিষ্ঠ পুত্ৰ শিৱপ্ৰসাদ বৰাই ছাত্ৰাৱস্থাৰ পৰাই তেওঁ লিখামেলা কৰাৰ লগতে বিভিন্ন সাহিত্য, সামাজিক, সাংস্কৃতিক অনুষ্ঠানৰে জড়িত হৈ পৰিছিল। তাৰোপৰি ছাত্ৰাৱস্হাতে তেওঁ অসম আন্দোলনৰ লগতো  জড়িত হৈ পৰি একাধিকবাৰ কাৰাবাস পৰ্যন্ত খাটিব লগীয়া হৈছিল। ৰাইদঙীয়া অঞ্চলৰ পৰা প্ৰকাশিত ‘বৰ বেজালি’ নামৰ মাহেকীয়া বাৰ্তালোচনীখনৰ ১৯৮১ চনত সম্পাদকৰ দায়িত্ব বহনেৰে শিৱপ্ৰসাদ বৰাই সাংবাদিকতা জীৱনৰ পাতনি মেলে ।

আনহাতে গুৱাহাটীৰ বি বৰুৱা কলেজত পঢ়ি থকা সময়ত তেওঁ অধুনালুপ্ত আজিৰ অসম কাকতৰ জৰিয়তে  সংবাদসেৱা আৰম্ভ কৰি পাছলৈ তিনিদিনীয়া অগ্ৰদূত আৰু আশীৰ দশকৰ পৰা দৈনিক অগ্ৰদূত কাকতৰ নগাঁও জিলা সদৰৰ সাংবাদিক হিচাপে জড়িত হৈ পাছলৈ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ হিচাপে নিয়োজিত হৈ কেবা বছৰো সংবাদসেৱা আগবঢ়ায়।  এগৰাকী আপোচবিহীন সাংবাদিক হোৱাৰ বাবেই বৰাই ৰজাঘৰ আনকি সেনাৰো নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছিল।২০০০-২০০১চনত তেওঁ নগাঁৱৰ পৰা প্ৰকাশিত উপত্যকা নামৰ সাপ্তাহিক কাকত খনৰ সম্পাদক হিচাপে যোগদান কৰে। অৱশ্যে কাকতখন কিছু দিনৰ পাছত বন্ধ হৈ পৰে। পৰৱৰ্তী সময়ত তেওঁৰ সম্পাদনাত ‘জন প্ৰহৰী’ নামৰ আন এখন সাপ্তাহিক কাকত নগাঁও চহৰৰ পৰা কিছুদিন প্ৰকাশ পাইছিল।২০০০চনৰ পাছত বৰাই অসমীয়া প্ৰতিদিন কাকতৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ কেইবছৰমান কাম কৰে। পাছলৈ তেওঁ বৈদ্যুতিন নিউজ চেনেল, দৈনিক কাকতৰ জৰিয়তেও সংবাদসেৱা আগবঢ়ায়। মৃত্যুৰ সময়লৈকে তেওঁ নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক কাকত ৰণাংগনৰ সম্পাদনা উপদেষ্টা হিচাপে কাৰ্যনিবাহ কৰি আছিল। তেওঁ জি আই টিৰ সমন্বয়ক হিচাপেও কেইবাবছৰো কাম কৰিছিল। এগৰাকী কবি হিচাপেও প্ৰতিষ্ঠা লাভ কৰা বৰাই ভালেকেইখন গ্ৰন্থ সম্পাদনা কৰিছিল।

মৃত্যু পৰ্যন্ত বৰাই নগাঁও জিলা মুক্ত সাংবাদিক সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ লগতে একাধিক অনুষ্ঠান, প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল। সুধাকন্ঠ ড: ভূপেন হাজৰিকাৰ জন্মদিনটো নগাঁৱত ‘গানৰ দিন’ হিচপে উদযাপন কৰাৰ ক্ষেত্ৰত শিৱপ্ৰসাদ বৰাই আগভাগ লৈছিল।আজি দুপৰীয়া শিৱপ্ৰসাদ বৰাৰ ‌মৃতদেহ নগাঁও প্ৰেছ ক্লাবলৈ অনা হয়।তাত নগাঁও প্ৰেছ ক্লাবৰ সাংবাদিক সকলে বৰাক শেষ শ্ৰদ্ধা নিবেদন কৰে।ইয়াৰ পাছত তেওঁৰ মৃতদেহ ৰাইদঙীয়াৰ বড়িগাঁৱৰ নিজা বাসগৃহলৈ লৈ যোৱা হয়। বৰাৰ ৰাইদঙীয়া বড়িগাঁৱৰ  বাসগৃহত প্ৰাক্তন মন্ত্ৰী তথা অসম বিধানসভাৰ বিৰোধী দলৰ উপদলপতি ৰকিবুল হুছেইন, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰা, বিভিন্ন দল,সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি, বিভিন্ন ব্যক্তিয়ে বৰাৰ শৱদেহত মাল্য অৰ্পণ কৰি শেষ শ্ৰদ্ধা নিবেদন কৰে।পাছত ৰাইদঙীয়াতে ভালে সংখ্যক লোকৰ উপস্থিতিত এক শোকাকূল পৰিৱেশৰ মাজত বৰাৰ শেষকৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত বৰাই পত্নী, একমাত্ৰ পুত্ৰ,মাতৃ, জ্যেষ্ঠ ভাতৃ-ভগ্নী সহ ভালেসংখ্যক ইষ্ট কুটুম্বক ইহ সংসাৰত এৰি থৈ যায়।

Leave A Reply