Breaking

নগৰবেৰাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ণৰ ঠিকা ভিত্তিক কৰ্মচাৰীৰ কৰ্ম বিৰতি অব্যাহত

0 1,054

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ণ খণ্ডৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ ঠিকা ভিত্তিক অস্থায়ী কৰ্মচাৰী সকলৰ কৰ্ম বিৰতি অব্যাহত আছে। পহিলা ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা কৰ্মচাৰী সকলৰ কৰ্ম বিৰতিয়ে আজি তৃতীয় দিনত ভৰি দিয়াৰ পাছতো বিষয়টো ৰাজ্য চৰকাৰৰ গ্ৰামোন্নয়ণ বিভাগৰ লগতে চৰকাৰী পক্ষই গুৰুত্বাৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে আন্দোলনকাৰী সকলে।

চাকৰি নিয়মীয়াকৰণ, ৬০ বছৰ বয়সলৈকে চাকৰি বাহাল ৰখা, আৰ অ পিৰ ব্যৱস্থা কৰা, সম কামৰ সম বেতন প্ৰদান কৰা, চৰকাৰী কৰ্মচাৰীৰ দৰে  সুবিধা প্ৰদান কৰা, খালি হোৱা পদত অভিজ্ঞতা আৰু যোগ্যতা অনুসৰি ঠিকা ভিত্তিক কৰ্মচাৰীক নিযুক্তি প্ৰদান কৰাৰ দাবীত ছমৰীয়া উন্নয়ণ খণ্ডৰ ঠিকা ভিত্তিক কৰ্মচাৰী সকলে কাৰ্যালয় চৌহদত কৰ্ম বিৰতি আন্দোলন অব্যাহত ৰাখিছে।

ঠিকা ভিত্তিক কৰ্মচাৰী সকলৰ কৰ্ম বিৰতিত একপ্ৰকাৰ স্থবিৰ হৈ পৰিছে উন্নয়ণ খণ্ডৰ বিভিন্ন কামকাজ। কৰ্মচাৰী সকলৰ ন্যায্য দাবীৰ প্ৰতি গুৰুত্ব নিদিলে কৰ্ম বিৰতি অনিৰ্দিষ্টকালীন হোৱাৰো হুংকাৰ দিয়ে কৰ্মচাৰী সকলে। সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰি কৰ্মচাৰী সকলৰ দাবী পূৰণৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে আন্দোলনকাৰী কৰ্মচাৰী সকল।

Leave A Reply