Breaking

নগৰবেৰাত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি

0 1,182

কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ ৰাঙ্গাপানীত গাওঁত পৰকীয়া প্ৰেমৰ বাবেই বাহেজ আলীৰ পৰিয়াললৈ নামিপৰিছে ঘোৰ অমানিশা। জানিব পৰা মতে ৯ বছৰ পূৰ্বে ২ নং দক্ষিণ ৰাঙ্গাপানী গাওঁৰ বাসিন্দা বাহেজ আলীয়ে সামাজিক ৰীতি নীতি মতে ৩ নং দক্ষিণ ৰাঙ্গাপানী গাওঁৰ বাসিন্দা নবাব আলীৰ কন্যা নছিৰণ নেছাক বিয়া কৰে। উল্লেখ্য যে প্ৰায় দুই বছৰ ধৰি বাহেজ আলীৰ পত্নী নছিৰণ নেছাই অবৈধ প্ৰেমত মচগুল হয় গাওঁখনৰে মস্তক আলী নামৰ যুৱক এজন সৈতে, বাহেজ আলী বাহিৰলৈ গলেই ঘৰত সোমায় প্ৰেমিক মস্তক আলী আনকি মহিলা গৰাকীকো লৈ যায় নিজ গৃহলৈ।

বিয়াৰ প্ৰলোভন চলি থাকে নাছিৰণ-মস্তকৰ অবৈধ প্ৰেমলীলা। পিছে বিয়াৰ প্ৰলোভন দি প্ৰেমিক মস্তক আলীয়ে নছিৰণ নেছাক নিজ গৃহলৈ ল’ই যায় যদিও বিয়া নপতাৰ বাবে গোচৰ তৰে প্ৰেমিক মস্তক আলীৰ বিৰুদ্ধে। পিছে গাঁৱৰ একাংশ মুখিয়াল মাজত সোমাই বৃহৎ ধনৰ লেন-দেনত বিষয়াটো মীমাংসা কৰি দিয়ে যদিও নছিৰণ নেছাই পূৰ্বৰ স্বামীৰ ঘৰত নোযোৱাৰ সিদ্ধান্ত লয়। বিমোৰত পাৰে দুখীয়া বাহেজ আলীয়ে, শেহতীয়াকৈ বাহেজ আলীৰ সতে ডাইভৰ্চ দিয়াৰ কথা ক’ই নছিৰণ নেছা আৰু পৰিয়ালে এক লাখ টকা দাবী কৰে বাহেজ আলীৰ পৰা। প্ৰায় চাৰিমাহ ধৰি দুখীয়া বাহেজ আলীয়ে দিকভ্ৰান্ত হৈ ঘুৰি ফুৰিছে ন্যায় আৰু এই জটিলতাৰ পৰিত্ৰাণ বিচাৰি।

Leave A Reply