Breaking

নাজিৰা অ’এনজিচিৰ কাৰ্যালয়ৰ ভিতৰত নিশা নাহৰফুটুকীৰ মুকলি বিচৰণ

0 1,351

গেলেকী : নাজিৰাস্থিত অ’এনজিচি (অসম সম্পদ)ৰ মুখ্য কাৰ্যালয়ৰ ভিতৰত নিশা বাঘৰ আতংক। ভিতৰত বাঘ, বাহিৰত কৰ্মচাৰী। নাজিৰা অ’এনজিচি কাৰ্যালয়ত নাহৰফুটুকীৰ বিচৰণ। নিগমৰ গাতে লাগি আছে সৰু-বৰ জংঘল তথা দিখৌ নদী। সম্প্ৰতি ২৩ ছেপ্তেম্বৰৰ নিশা বনাঞ্চল এৰি খাদ্যৰ সন্ধানত ওলাই অহা এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ আহি জনসমাগমত প্ৰৱেশ কৰেহি। প্ৰাপ্ত তথ্য আৰু নিগমৰ অভিযোগ অনুসৰি নাজিৰাস্থিত অ’এনজিচি (অসম সম্পদ)ৰ মুখ্য কাৰ্যালয়ৰ ভিতৰত উক্ত দিনা নিশা এটা বাঘে মুকলি ভাৱে বিচৰণ কৰি ঘূৰি ফুৰা সমগ্ৰ দৃশ্য চিচি টিভি কেমেৰাত আৱদ্ধ হৈ ৰয়। চিচি টিভি কেমেৰাত বন্দী হয় কাৰ্যালয়ৰ আৰ অ’ বি-১ৰ ভিতৰত বাঘ ঘূৰি ফুৰাৰ দৃশ্য ৷ ইয়াকে লৈ শংকিত হৈ পৰিছে; নিগমৰ আবাসী ও কৰ্মচাৰীসকল। উল্লেখ্য যে নিগমে নিশা কৰ্মচাৰী অথবা বাহিৰা মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল অঞ্চলটোত৷ নিগমৰ কাৰ্যালয়ৰ ভিতৰত বাঘ সোমোৱাৰ দৃশ্য চিচি টিভি কেমেৰাত বন্দী হোৱাৰ পিছতে কৰ্মচাৰীসকলক সতৰ্ক কৰি দিয়ে কৰ্তৃপক্ষই ৷ সমান্তৰালভাৱে উক্ত দিনা নিশাই বিহুবৰ খণ্ড বন বিষয়া সন্তোষ ফুকনদেৱৰ নেতৃত্বৰ এটা বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হৈ চিচি টিভিৰ ফুটেজৰ ভিত্তিত বাঘটোৰ সন্ধান বিচৰাৰ লগতে নাহৰফুটুকীটো আৱদ্ধ কৰাৰ বাবে বন বিভাগে দিনে-নিশাই চেষ্টা অব্যাহত ৰাখিছে। বিভাগৰ প্ৰাথমিক তদন্ত ভিত্তিত বাঘটো কাৰ্যালয়ৰ ভিতৰত থকা এখন খিৰিকীয়ে বাহিৰ হৈ যোৱা তথ্য সংগ্ৰহ কৰিছে বিহুবৰ খণ্ড বন বিভাগে। আনহাতে বন বিভাগৰ লোক নিগমৰ কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি নাহৰফুটুকীটো পিঞ্জৰাবদ্ধৰ বাবে চেষ্টা চলোৱাৰ বিপৰীতে বিভাগে ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত তিনিচুকীয়াৰ পৰা এটা Rescue team আনি ২৪ ছেপ্তেম্বৰৰ দিনা নিগমৰ কাৰ্যালয় ভিতৰ আৰু বাহিৰ চৌহদটোত বাঘৰ সন্ধান বিচাৰি চৰজমিন তদন্ত চলায়। পৰৱৰ্তী সময়ত নাহৰফুটুকীটো নিগমৰ কাৰ্যালয়ৰ পৰা ওলাই যোৱা বুলি বন বিভাগে সদৰী কৰে। বিহুবৰ খণ্ড বন বিষয়া গৰাকীৰ মতে উক্ত বাঘটো যদি পুনৰ নিগমৰ আবাসিক এলেকাত প্ৰৱেশ কৰে। তেতিয়া ট্ৰেংকুইলাইজ কৰিহে বাঘটো ধৰিবলৈ সক্ষম হ’ব বুলি তেখেতে আজি সংবাদ-মাধ্যমক জানিবলৈ দিছে।

Leave A Reply