Breaking

নলবাৰীত ১৩৬ বেটেলিয়ান চি.আৰ.পি.এফ বাহিনীৰ প্ৰসংসনীয় পদক্ষেপ

0 1,069

দেশক সুৰক্ষা দিয়াৰ লগতে সামাজিক কাৰ্যাৱলীৰ দ্বাৰাৰ বিশেষ ভাৱে চৰ্চিত দেশৰ চি আৰ পি এফ বাহিনী । সমাজৰ প্ৰতি থকা দায়িত্ববদ্ধতা,পুলিচ তথা সৈন্য বাহিনীৰ মাজত একতা বৃদ্ধিৰ হেতুকে নলবাৰী সৰিয়হতলীস্থিত ১৩৬ নং বেটেলিয়ান চি.আৰ.পি.এফ বাহিনীয়ে নিৰৱচিন্নভাৱে সমাজৰ উন্নয়নমূলক কাম কৰি আহিছে । ১৩৬ বেটেলিয়ান চি. আৰ.পি . এফ বাহিনীৰ উদ্যোগত ২০২১-২২ বৰ্ষৰ চিভিক এক্সন কাৰ্যসূচী হিচাপে বিভিন্ন চৰকাৰী বিদ্যালয় সমূহত শৌচাগাৰ,প্ৰস্বাৱগাৰ,চাইকল ষ্টেণ্ড আদি বনোৱা, তথা পুনৰনিৰ্মন কৰাৰ উপৰিও আন ভালেমান উন্নয়নমূলক কাম কৰি থকা হৈছে  ।

সেইমৰ্মে বৃহস্পতিবাৰে নলবাৰী জিলাৰ সৰিয়হতীস্থিত বালভৱন বিদ্যাপীঠ বিদ্যালয়ত চিভিক এক্সন অনুষ্ঠানৰ আধাৰত নলবাৰী ১৩৬ নং বেটেলিয়ান চি.আৰ.পি.এফ বাহিনীৰ উদ্যোগত বিদ্যালয়খনত শৌচাগাৰ আৰু প্ৰস্বাৱগাৰ পুন:নিৰ্মান কৰি শুভ উদ্বোধন কৰা হয় । অনুষ্ঠানৰ শুভ উদ্বোধন কৰে ১৩৬ নং বেটেলিয়ান চি. আৰ. পি. এফ বাহিনীৰ কামানডেন্ট অজিত চাংৱানে । উক্ত অনুষ্ঠানত চি আৰ পি এফ বাহিনীৰ বিষয়া গৰাকীক সহযোগ কৰে বিদ্যালয়খনৰ অধ্যক্ষ প্ৰহ্লাদ দাসে । অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা গীত,নৃত্য,বক্তৃতা অনুষ্ঠান আদিও অনুষ্ঠিত কৰা হয় ।নলবাৰী ১৩৬ নং বেটেলিয়ান চি আৰ পি এফ বাহিনীৰ এনে পদক্ষেপক সচেতন মহলৰ লগতে বিদ্যালয় খনৰ প্ৰধান শিক্ষক প্ৰহ্লাদ দাস সহ স্কুল শিক্ষক শিক্ষয়িত্ৰী সকলে শলাগ জনাইছে ।

Leave A Reply