Breaking

২৮ নং গোসাইগাঁও সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থী খাইৰুল আনাম খন্দকাৰৰ নাম ঘোষনা

0 2,021

.বহু জল্পনা কল্পনাৰ অন্তত আজি ২৮ নং গোসাইগাঁও বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে এ আই ইউ ডি এফ দলে এ আই ইউ ডি এফ দলৰ গোসাইগাঁও জিলাৰ কাৰ্যকৰী সভাপতি খাইৰুল আনাম খন্দকাৰক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে ৷ইউ ডি এফৰ নেতা খাইৰুল আনাম খন্দকাৰক  ইউ ডি এফৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাত ইউ ডি এফ দলৰ কৰ্মী সমৰ্থক উৎফল্লিত হৈ পৰিছে ৷ইউ ডি এফ দলৰ প্ৰাৰ্থী গৰাকীক সমষ্টিটোৰ শ্ৰীৰামপুৰ চাৰিআলিত দলীয় কৰ্মকৰ্তা সকলৰ লগতে সমৰ্থক সকলে ফুলাম গোমছা ,ফুলৰ মালাৰে সম্বৰ্ধনা জনায়৷ ইউ ডি এফৰ প্ৰাৰ্থী গৰাকীয়ে সম্বৰ্ধনা গ্ৰহণ কৰি কয় যে এ আই ইউ ডি এফ দলৰ বিজয় গোসাইগাঁও সমষ্টিত নিশ্চিত ৷কাৰণ বিজেপি দলৰ ভূৱা আশ্বাস ,প্ৰতিশ্ৰুতি আৰু সাম্প্ৰদায়ি বিষবাষ্প ৰাজনীতিত ৰাইজ বিতুষ্ট হৈ পৰিছে ৷উপ নিৰ্বাচনৰ জৰিয়তে শাসনাধিষ্ঠ  দল বিজেপিক উচিত জবাব ৰাইজে দিব সেয়া এক প্ৰকাৰ খাটাং ৷অনুষ্ঠানত সমষ্টিটোৰ শ্ৰীৰামপুৰ চাৰিআলিত এ আই ইউ ডি এফৰ দলীয় কৰ্মকৰ্তা সকলৰ লগতে  সমৰ্থক সকল উপস্থিত আছিল।

Leave A Reply