Breaking

মিচিং আগম কৗবাঙৰ প্ৰাক্তন উপসভাপতি নন্দেশ্বৰ দলেৰ দেহাৱসানঃ বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ…

0 232

মিচিং আগম কৗবাঙৰ প্ৰাক্তন উপসভাপতি নন্দেশ্বৰ দলেৰ দেহাৱসানঃ বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশঃ 

মিচিং জনজাতিসকলৰ একমাত্ৰ ভাষা-সাহিত্যৰ সংগঠন মিচিং আগম কৗবাঙৰ প্ৰাক্তন উপসভাপতি, মিচিং মিমাগ কৗবাঙৰ প্ৰাক্তন নেতা, শিক্ষক, লেখক নন্দেশ্বৰ দলেৰ কালি সন্ধিয়া  ৫ বজাত দেহাৱসান ঘটিছে ৷ কালি দুপৰীয়া তেওঁ হঠাতে অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নিয়ে যদিও তাতে তেওঁৰ দেহাৱসান ঘটে ৷ প্ৰয়াত নন্দেশ্বৰ দলেৰ জন্ম হৈছিল  ১৯৬০ চনত ধেমাজি জিলাৰ গোগামুখৰ পুৰণা পাৰঘাটত ৷ তেওঁৰ পিতৃৰ নাম আছিল মুনিন্দ্ৰ দলে আৰু মাতৃৰ নাম আছিল পদ্মাৱতী দলে ৷ তেওঁ শিক্ষা জীৱন আৰম্ভ কৰিছিল পুৰণা পাৰঘাট প্ৰাথমিক বিদ্যালয়ৰ পৰা ৷

লখিমপুৰত এম ই আৰু হাইস্কুলত তেওঁ হাইস্কুলীয়া শিক্ষাগ্ৰহণ কৰে ৷ নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ৷ কিছু বছৰ চাকৰিৰ সন্দানত ঘুৰি-ফুৰাৰ পাছত  তেওঁ ১৯৮৫ চনতে প্ৰতিষ্ঠা কৰা ধেমাজি জিলাৰ গোগামুখৰ  লটাক এম ই স্কুলখনৰ তেওঁ প্ৰতিষ্ঠাপক শিক্ষক হিচাপে যোগদান কৰে  ৷ এইখন বিদ্যালয়ৰ পৰা তেওঁ প্ৰধান শিক্ষক হিচাপে দীৰ্ঘদিন কাৰ্যাভাৰ চলাই ২০২০ চনৰ ৩১ জানুৱাৰীত অৱসৰ গ্ৰহণ কৰে ৷ ২০০৫–০৬ চনত প্ৰয়াত দলেয়ে মিচিং আগম কৗবাঙৰ গোগামুখ বাংকেৰ  সভাপতিৰ দায়িত্বত আছিল ৷ ২০০৭ চনৰ পৰা ২০০৯ চনলৈ তেওঁ মিচিং আগম কৗবাঙৰ উপসভাপতিৰ দায়িত্বত আছিল ৷  তেওঁ মিচিং মিমাগ কৗবাং, মিচিং দৃৰবৃ কৗবাং, অপেছাদাৰী নাট্য সংগঠন দুমৗৰ নাট্য গোষ্ঠী আদিতো নিকপকপীয়াকৈ জৰিত আছিল ৷ দুমৗৰ নাট্যগোষ্ঠীত জৰিত হৈ তেওঁ দীৰ্ঘকাল ধৰি বিভিন্ন চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিছিল ৷

সময়ৰ অভাৱত তেওঁ মৌলিক গ্ৰন্থ প্ৰণয়ন কৰিব নোৱাৰিলে বহুতো কবিতা, প্ৰৱন্ধ বিভিন্ন কাকত- আলোচনী লিখি গৈছে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী তৰুলতা দলে পুত্ৰ সন্তান আগম (পংকজ) দলে, মানস দলে, লাকী দলে, কন্যা সন্তান পুতু দলেকে ধৰি আত্মীয়-স্বজন, গুণমুগ্ধক ইহ্‌সংহাৰত এৰি থৈ গৈছে ৷ আজি পুৱা এক শোকাকুল পৰিৱেশত বহু গুণমুগ্ধৰ সন্মুখত তেওঁৰ জন্ম ঠাই পুৰণা পাৰঘাটত মিচিং ৰীতি অনুযায়ী তেওঁক সমাধিস্থ কৰা হয় ৷  নন্দেশ্বৰ দলেৰ দেহৱসানত মিচিং আগম কৗবাঙৰ গোগামুখ বাংকেৰ উপদেষ্টা কেশৱ চুংক্ৰাং,  সভিপতি ৰমা দলে, সম্পাদক সদানন্দ পেগু, টি এম পি কেৰ গোগামুখ আঞ্চলিকৰ সভাপতি চিদানন্দ দলে, সম্পাদক মনেশ্বৰ কমান, গোগামুখ প্ৰছ গীল্ডৰ সম্পাদক জীৱন দত্ত, দুমৗৰ নাট্যগোষ্ঠীৰ সভাপতি ৰাজু পেগু, সম্পাদক ভৱেশ মেদক আৰু এম এম কে, টি এম এম কে আদি সংগঠনবোৰে গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷

Leave A Reply