Breaking

নগৰবেৰাৰ টুপামাৰীত উন্নয়নমূলক কামৰ শুভাৰম্ভ বিধায়কা নন্দিতা দাসৰ

0 23

সোমবাৰে আনুষ্ঠানিকভাৱে ১৬ লাখ টকাৰ বদলা-ৰাঙ্গাপানী হাইস্কুলৰ পুথিভঁৰাল আৰু শ্ৰেণীকোঠাৰ নিৰ্মাণকাৰ্য আৰু ৪ লাখ ৫০ হাজাৰ টকাৰ ই এন ডি মথাউৰিৰ পৰা বদলা-ৰাঙ্গাপানী বজাৰ সংযোগী কাঠৰ দলং মেৰামতিৰ কাম শুভাৰম্ভ কৰে বিধায়কা নন্দিতা দাসে।

উক্ত অনুষ্ঠানটোত বিধায়কা নন্দিতা দাসৰ লগতে পঞ্চায়ত সভানেত্ৰী জবেদা হানুন, টুপামাৰী সমবায় সমিতিৰ সভাপতি জাহান উদ্দিনৰ উপৰিও বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

পৰৱৰ্তী সময়ত বিদ্যালয়খনৰ চাৰিসীমাৰ দেৱাল বিধায়ক পুঁজিৰে নিৰ্মাণ কৰিব বুলি বিধায়কা গৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে।

-আবুল হুছেইন, নগৰবেৰা

Leave A Reply