Breaking

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কন্যাৰ ফটোক বিকৃত ৰূপ দিয়া নাংনয়নামণি গগৈক আটক

0 2,242

পিতৃ আৰু কন্যাৰ সম্পৰ্কত কালিমা সনাৰ অপচেষ্টা। হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ জীয়াৰীৰ ফটো চচিয়েল মিডিয়াত দি অশ্লীল ভাৱে পোষ্ট কৰা নাংনয়নামণি গগৈক শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছে ।

আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কন্যাৰ এখন ফটো বিকৃত ৰূপত উপস্থাপন কৰি বাতৰি পৰিৱেশন কৰা প্ৰতিবিম্ব লাইভ নামৰ এটা ৱেব পৰ্টেলৰ মুখ্য সম্পাদকক গ্ৰেপ্তাৰ কৰিছে ।

লগতে ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে এই পৰ্যন্ত ৱেব পৰ্টেলটোৰ ৫ গৰাকী সাংবাদিকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা স্বয়ম্ভু সাংবাদিক কেইজন তফিকউদ্দিন আহমেদ, আছিফ ইকবাল হুছেইন, নজৰুল হুছেইন, নজমুন হক আৰু নিজুল আলী।

ঘটনা সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘মোক ৰাজনৈতিক ভাৱে নোৱাৰিলে, এতিয়া ষড়যন্ত্ৰ চলিছে। এদিন পূৰ্বে পত্নীয়ে দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে। ৰুজু কৰা গোচৰৰ ভিক্তিত তদন্ত চলি আছে। এয়া অতি লজ্জাজনক বিষয়।’

Leave A Reply