Breaking

মানকাচৰ আৰক্ষীৰ তৎপৰতাত নিচাজাতীয় সামগ্ৰী জব্দ।আটক এজন সৰবৰাহকাৰীক

0 38

মানকাচৰ আৰক্ষীৰ বিশেষ তৎপৰতাত , আজি শিলিগুৰিৰ পৰা মানকাচৰ হৈ মহেন্দ্ৰগঞ্জ লৈ অভিমুখী যাত্ৰীবাহী আবিৰ ট্ৰেভেলচ নামৰ নৈশবাছৰ গাড়ী AS 01-NC –1582 খনৰ পৰা আৰক্ষীয়ে তালাচী চলাই বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী জব্দ কৰে। নিচাজাতীয় সামগ্ৰীখিনি শিলিগুৰিৰ পৰা মানকাচৰলৈ সৰবৰাহ কৰা হৈছিল। উক্ত অভিযানত এজন নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীক আটক কৰে।

আটকাধীন লোক জন মেঘালয় ৰাজ্যৰ আমপাতী জিলাৰ ইছাকুৰিৰ প্ৰায়ত বাহাজ উদ্দিন স্বেখৰ পুত্ৰ আনাৰ হুছেইন । মানকাচৰ থানাৰ আবুল কালামৰ নেতৃত্বত আৰক্ষীৰ দল এটাই গাড়ীখনত তালাচী চলাই পিছপিনৰ ছিটৰ তলত থকা কাৰ্টুনৰ পৰা ESCOUGH নামৰ কফ চিৰাফৰ ২০০খন বটল জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে গাড়ীখনক জব্দ কৰাৰ লগতে চালক হেন্ডিমেনক আটক কৰি অধিক তথ্যৰ বাবে সোধ পোচ অব্যাহত ৰাখিছে।

মানকাচৰৰ পৰা আশিক ইকবাল হোছেইনৰ প্ৰতিবেদন

Leave A Reply