Breaking

বিৰোধী শূন্য সংসদত ১৫ বিধেয়ক গৃহীত নৰেন্দ্ৰ মোডী চৰকাৰৰ

0 1,260

দৈনন্দিন বাৰ্তা ডেস্ক : সংসদৰ বৰ্ষাকালীন অধিৱেশনত এইবাৰ বিৰোধীৰ অনুপস্থিতিৰ ‘সুযোগ’ কামত লগালে শেষৰ দুদিনত৷ কোনো বিতৰ্ক নোহোৱাকৈ ৰাজ্যসভাত নৰেন্দ্ৰ মোডী চৰকাৰে গৃহীত কৰে ১৫খন বিধেয়ক ৷ কৃষি ক্ষেত্ৰত সংস্কাৰ সংক্ৰান্তীয় দুখন বিধেয়ক ৰাজ্যসভাত ধ্বনি ভোটত গৃহীট কৰাত বিৰোধিতা কৰি সোমবাৰে নিলম্বন হয় কংগ্ৰেছ, তৃণমূল, চিপিএম আৰু আপৰ ৮জন সাংসদ ৷ ৰাজ্যসভাৰ অধ্যক্ষ বেংকয়া নাইডুৰ এই সিদ্ধান্তৰ প্ৰতিবাদত একাধিক বিৰোধী দলে অধিৱেশন বৰ্জন কৰে ৷ বিৰোধীৰ এই পদক্ষেপত সক্ৰিয় হৈ পৰে কেন্দ্ৰ ৷ বিৰোধী শূন্য ৰাজ্যসভাত মঙলবাৰে সাতখন আৰু বুধবাৰে আঠখন বিধেয়ক গৃহীত কৰে ৷ ইয়াৰ পাচতে অনির্দিষ্টকালৰ বাবে সমাপ্তি ঘটে বৰ্ষাকালীন অধিৱেশন ৷ উল্লেখ্য যে ১৪ ছেপ্টেম্বৰত ক’ভিড বিধি মানি ১৮ দিনৰ বাবে সংসদৰ দুয়োকক্ষৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হৈছিল ৷ আৰম্ভণিৰ দিনাই ২৫ জন সাংসদৰ কৰ’না ৰিপৰ্ট পজিটিভ আহে৷ তাৰ পাচতো কৰ’না বিধি মানি অধিৱেশন চলিছিল ৷ কিন্তু ইয়াৰ পাচত আন দুজন কৰ’নাত আক্ৰান্ত হয়৷ ইপিনে দেওবাৰে কৃষি বিধেয়কলৈ উত্তাল হয় ৰাজ্যসভা। অসংসদীয় আচৰণৰ অভিযোগত আঠজন সাংসদক নিলম্বন কৰে ৷ আনহাতে ১৭ টা বিৰোধী দলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দলৈ চিঠিৰে কৃষি সংস্কাৰ সংক্ৰান্তীয় তিনিখন বিতৰ্কিত বিধেয়কত চহী নকৰিবৰ বাবে আবেদন জনায় ৷

Leave A Reply