Breaking

বৰপেটাত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত ক্যাৰাটে খেলুৱৈক সম্বৰ্ধনা

0 2,028

বৰপেটা চহৰৰ দঙৰকুছিস্থিত চেন্ট টেৰেছা ইংৰাজী মাধ্যম বিদ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিকভিত্তিত পুৰস্কাৰপ্ৰাপক সাত গৰাকী ক্যাৰাটে খেলুৱৈক ২৯ জানুৱাৰীত সম্বৰ্ধনা জনোৱা হয়। ক্যাৰাটেৰ কাতা নামেৰে এটি বিশেষ খেলত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বাবে এই প্ৰতিভাৱান খেলুৱৈ সকলোক অধিক অনুপ্ৰাণিত হোৱাৰ কামনাৰে বিদ্যালয়খনে সম্বৰ্ধনা জনায়। আন্তৰাষ্ট্ৰীয় ক্যাৰাটে খেলুৱৈ চাৰহান ৰছুল, ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হানি আলী, ইৰফান হাবিব, জিয়ান চৌধুৰী আৰু ৰাজ্যিক পৰ্য্যায়ৰ ছালমা শিকদাৰ পাৰবিন, শিকদাৰ চাকিল বাছেৰ আৰু ছাহিদ ফাজেলক ক্যাৰাটেত সফলতা অৰ্জন কৰা বাবে আজি বিদ্যালয় প্ৰাংগনত উস্ম আদৰণি জনোৱা হয়। বিদ্যালয়খনৰ অধ্যক্ষ বিপিন পি এচৰ সভাপতিত্বত অনুষ্ঠিত সভাত ছাত্ৰ ছাত্ৰী সকলোক ফুলাম গামোচা, স্মাৰক আৰু প্ৰমাণ পত্ৰৰে সম্বৰ্ধনা জনায় বিদ্যালয়খনৰ সঞ্চালক ভেইৰু কুমাৰ শৰ্মাই। সভাখনত শৈক্ষিক কাউন্সিলৰ নুপুৰ পুৰোহিত, উপাধ্যক্ষ মুকুল দাসো উপস্থিত থাকে ।

Leave A Reply