Breaking

গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব “ৰাষ্ট্ৰীয় দুগ্ধ দিৱস”…

0 37

ভাৰতৰ “শ্বেত বিপ্লৱ”ৰ পিতৃপুৰুষ হিচাপে খ্যাত ড° ভাৰ্গিজ কুৰিয়েনৰ জন্মজয়ন্তী উপলক্ষে প্ৰতিবছৰে ২৬ নৱেম্বৰত উদযাপন কৰি অহা “ৰাষ্ট্ৰীয় দুগ্ধ দিৱস” এইবাৰ গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব। এই ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ জৰিয়তে দুগ্ধ উৎপাদন বৃদ্ধিৰ লগতে সুস্বাস্থ্যৰ বাবে গাখীৰৰ উপকাৰিতা তথা ইয়াৰ পুষ্টিকৰ গুণসমূহৰ বিষয়ে জনসাধাৰণ মাজত জাগৰণ সৃষ্টিৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।


২৬ নৱেম্বৰত অনুষ্ঠিতব্য ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানটিৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি জনতা ভৱনত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত মন্ত্ৰী অতুল বৰা। অনুষ্ঠানটিৰ সফল আয়োজনত যাতে কোনো ত্ৰুটি নৰয়, তাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৈঠকত বিষয়াসকলক নিৰ্দেশনা ।


মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarmaৰ নেতৃত্বাধীন আমাৰ চৰকাৰখনে দুগ্ধ উৎপাদন খণ্ডক সুসংগঠিত আৰু উদ্যোগীকৰণ কৰি ৰাজ্যখনত প্ৰতিদিনে ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য লৈছে। অসমৰ দুগ্ধপালক আৰু অন্য ৰাজ্যৰ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে অনুষ্ঠিতব্য আগন্তুক অনুষ্ঠানটোৱে আমাৰ চৰকাৰখনৰ উক্ত লক্ষ্যত উপনীত হোৱাৰ প্ৰচেষ্টাৰ দিশত বিশেষ গতিশীলতা প্ৰদান কৰিব বুলি দৃঢ় বিশ্বাসী।
বৈঠকত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান সচিব শ্ৰী মনীষ ঠাকুৰ, সঞ্চালক শ্ৰী জাভিৰ ৰাহুল সুৰেশ প্ৰমুখ্যে বিভাগৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

Leave A Reply