Breaking

পানেৰীত আছাৰ উদ্যোগত আদিবাসী সকলৰ জাতীয় উৎসৱ উদযাপন

0 2,051

সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কচুবিল বাগিছা গাওঁ প্ৰাথমিক গোটৰ উদ্যোগত আৰু পানেৰী অঞ্চলিকৰ সহযোগত আদিবাসী জাতীয় কৰম উৎসৱ উদযাপন কচুবিল বাগিছা গাওঁত এদিনীয়া কাৰ্য্যসুচীৰে অনুস্থিত কৰা হয়। উক্ত কৰ্য্যসুচীৰে অনুসৰী আছাৰ পতাকা উত্তোলন কৰে ৰাজা এক্কা সভাপতি পানেৰী অঞ্চলিক সমিতি আছা, কৰম ধজ্জা উত্তোলন কৰে জয়পাল মুণ্ডা সভাপতি  আভ্যৰ্থনা সমিতিৰ, স্বহীদ তৰ্পণৰ তৰ্পক আকিলা পুৰ্তি প্ৰাক্তন সভাপতি ওদালগুৰি জিলা সমিতি আছা আৰু খগেন তাঁতী উপ-সভাপতি ওদালগুৰি জিলা সমিতি আছা, বৃক্ষ ৰোপন কৰে হৰেশ্বৰ কলিতা সভাপতি অসম সাহিত্য সভা ওদালগুৰি জিলা সমিতি, যুবক-যুবতী সকলৰ খেল ধেমালি, কৰম আখাৰা উদ্বোধক অৰ্পনা মেধি এম চি এল এ বিটিআৰ,  কৰম দাল স্থাপন ও বিধিগত ভাবে পুজা অৰ্চনা, আমন্ত্ৰীত অতিথিবৃন্দকৰ চিনাকি পৰ্ব, সন্ধিয়া বাৰেবৰনীয় আদিবাসী সাংস্কৃতি নৃত্য  প্ৰদৰ্শন।এই কৰম উৎসব পৰ্বত উপস্থিত থকা আছাৰ ওদালগুৰি জিলা প্ৰাক্তন সভাপতি আকিলা পুৰ্তি কয় যে,এই কৰম উৎসব টি কৃষি ভিক্তিক উৎসব।  এই উৎসব পালনৰ যোগেদি তেওঁলোকৰ ঐতিহ্য পুৰ্ণ কলা-কৃষ্টি সমুহ বিশ্বদৰবাত প্ৰতিস্থা কৰাৰ এক প্ৰয়াস।  মুখ্য মন্ত্ৰী  ড: হিমন্ত বিশ্ব শৰ্মা যে কৰম উৎসব বন্ধ ঘোষণা কৰাক লৈ আদিবাসী সকলে ধন্যবাদ জ্ঞাপন কৰে। কিন্ত্ত তেওঁলোকে আক্ষেপৰে কয় যে এই চৰকাৰী  বন্ধ টো এক ললি প’প সদৃশ। যিহেতু এই বন্ধত কেবল মাত্ৰ চৰকাৰী কৰ্মচাৰী সকলেহে উপভোগ কৰিবলৈ পালে কিন্ত্ত বেছিভাগ আদিবাসী লোক চাহ বাগিচাত কৰ্মৰত কিন্ত্ত তেওঁলোকক বাগিচা কৃতত্বপক্ষয় বন্ধ ঘোষণা নকৰিলে। সেয়ে তেওঁলোকে এই উৎসব টোক চৰকাৰী উৎসব হিচাপে কেলেণ্ডাৰ ত অন্তভুক্ত কৰিবলৈ দাবী জনায়।

Leave A Reply