ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

Bangladesh’s Kali Temple : বাংলাদেশৰ কালী মন্দিৰলৈ প্ৰধানমন্ত্ৰী মোদীয়ে উপহাৰ দিয়া মুকুট চুৰি

Bangladesh's Kali Temple : বাংলাদেশৰ কালী মন্দিৰলৈ প্ৰধানমন্ত্ৰী মোদীয়ে উপহাৰ দিয়া মুকুট চুৰি দুৰ্গোৎসৱৰ উলহ-মালহৰ মাজতে অঘটন৷ সকলোৰে অলক্ষিতে চোৰে ছাফাই কৰিলে দেৱীৰ মন্দিৰ৷ দেৱ-দেৱীৰ কোপদৃষ্টিকো ভ্ৰক্ষেপ নকৰি চোৰে লুটি নিলে দেৱী মাৰ শিৰৰ আভূষণ৷ লৈ গ’ল মাৰ মুকুট৷ তাতকৈ ডাঙৰ কথাটো হ’ল চোৰে সদৰ্পে লৈ উধাও হোৱা এই মুকুটৰ আছে এক বিশেষত্বও৷ কাৰণ এই মুকুটৰ দাতাগৰাকী কোন জানে? তেওঁ হৈছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী৷ হয় ঠিকেই পঢ়িছে আমি ক’ব খোজা ব্যক্তিজন ভাৰতৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ এই ঘটনাৰ স্থান সাতখিৰাৰ শ্যামনগৰ৷ এই ঠাইত অৱস্থিত যশোৰেশ্বৰী মন্দিৰৰ পৰা দেৱী কালীৰ এটা মুকুট চুৰি কৰা হৈছে। তথ্য অনুসৰি, ২০২১ চনৰ মাৰ্চ মাহত উক্ত মন্দিৰ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মুকুট উপহাৰ দিছিল। বৃহস্পতিবাৰে মন্দিৰৰ পুৰোহিত দিলীপ মুখাৰ্জীয়ে দিনটোৰ নিত্যকৰ্ম সামৰি থৈ যোৱাৰ পিছত দুপৰীয়া ২ বজাৰ পৰা ২.৩০ বজাৰ ভিতৰত চুৰিকাৰ্য সংঘটিত হয়। পৰবৰ্তী সময়ত মন্দিৰ ছাফাইৰ কামৰ নিয়োজিত কৰ্মচাৰীসকলে দেখা পায় মুকুটটো দেৱীৰ শিৰত নাই। শ্যামনগৰ আৰক্ষী থানাৰ পৰিদৰ্শক তাইজুল ইছলামে কয়, "আমি চোৰক চিনাক্ত কৰিবলৈ মন্দিৰৰ চিচিটিভি ফুটেজ পৰ্যালোচনা কৰি আছো।"

Dr. Purnima Devi Burman : ইউৰোপীয়ান‌ এচ’চিয়েচন অফ জু‌ এণ্ড একুৰিয়েমচ্ৰ জাৰ্মানী সন্মিলনত হাড়গিলা বাইদেউ ড° পূৰ্ণিমা দেৱী বৰ্মন

Dr. Purnima Devi Burman: ইউৰোপীয়ান‌ এচ'চিয়েচন অফ জু‌ এণ্ড একুৰিয়েমচ্ৰ জাৰ্মানী সন্মিলনত হাড়গিলা বাইদেউ ড° পূৰ্ণিমা দেৱী বৰ্মনইউৰোপীয়ান এচ'চিয়েচন অফ জু‌ এণ্ড একুৰিয়েমচ্ (European Association of Zoos and Aquariums Conference- EAZA)

NCP Leader Baba Siddique Shot Dead: মুম্বাইত এন চি পিৰ নেতা বাবা ছিদ্দিকক গুলীয়াই হত্যা; ২ জনক গ্ৰেপ্তাৰ

বান্দা ইষ্টৰ নিৰ্মল নগৰৰ কলগেট খেলপথাৰৰ সমীপৰ বিধায়ক পুত্ৰ জীশন ছিদ্দিকৰ কাৰ্যালয়ৰ সন্মুখতে বাবা ছিদ্দিকক আক্ৰমণ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিছে (NCP Leader Baba Siddique Shot Dead)।

RSS chief blasts : আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ বিস্ফোৰণ

RSS chief blasts : আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰ বিস্ফোৰণভাৰতৰ যুৱক-যুৱতীসকলৰ ওপৰত বিকৃত মূল্যবোধৰ প্ৰভাৱ ক্ৰমাৎ বৃদ্ধি পোৱাৰ সন্দৰ্ভত শনিবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন...

Ratan Tata Passes Away: উদ্যোগপতি ৰতন টাটাৰ দেহাৱসানত প্রধানমন্ত্রী মোদীৰ শোক প্ৰকাশ

ৰতন টাটাৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে প্রধানমন্ত্রী মোদীয়ে। মোদীয়ে তেওঁক এগৰাকী দুৰদৰ্শী ব‍্যৱসায়ী নেতা আৰু দয়ালু আত্মাৰ এগৰাকী অসাধাৰণ মানৱ বুলি অভিহিত কৰে(Ratan Tata Passes Away at 86, Tribute by PM Modi)।

Popular