দুলীয়াজানত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদ্‌যাপন; তিনিগৰাকী সাংবাদিকক বঁটা প্ৰদান

দুলীয়াজান প্ৰেছ ক্লাৱে অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত আজি দিনযোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদ্‌যাপন কৰা হয়। এই উপলক্ষে পুৱা দুলীয়াজান মিডিয়া চেণ্টাৰ প্ৰাংগনত পতাকা উত্তোলন কৰে দুলীয়াজান প্ৰেছ ক্লাৱৰ সভাপতি ব্ৰজেন গগৈয়ে । ইয়াৰ পিছতে স্মৃতি তর্পণ কৰে দুলীয়াজান প্ৰেছ ক্লাবৰ উপ-সভাপতি প্ৰদীপ কুমাৰ নেওগ, আৰু সম্পাদক দিগন্ত শ‍ইকীয়াই । দুপৰীয়ালৈ প্ৰেছ দিৱস উপলক্ষে ষষ্ঠদশ দুলীয়াজান ৰাষ্ট্ৰীয় গ্ৰন্থমেলা বাকৰিত প্রয়াত সাংবাদিক হৰচন সিং সোঁৱৰণত এখন সতীর্থ সন্মিলন অনুষ্ঠিত কৰা হয়।

দুলীয়াজান প্ৰেছ ক্লাবৰ সভাপতি ব্ৰজেন গগৈৰ সভাপতিত্বত আৰু উপ-সভাপতি পবিত্ৰ বৰঠাকুৰৰ সঞ্চালনাত অনুষ্ঠিত সতীৰ্থ সন্মিলনখনৰ উদ্বোধন কৰে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক তথা দুলীয়াজান প্ৰেছ ক্লাবৰ মুখ্য উপদেষ্টা আদিত্য গোস্বামীয়ে। প্ৰয়াত সাংবাদিক হৰচৰণ সিঙৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে পিতৃ দুলু সিঙে। অনুষ্ঠানটোত অইলৰ মানৱ সম্পদ সম্পৰ্কৰক্ষী বিভাগৰ মহাপ্ৰৱন্ধক ত্ৰিদিৱ হাজৰিকা, নগাওঁ প্ৰেছ ক্লাবৰ সম্পাদক অজিত শ‍ইকীয়া, প্ৰাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক নৱনীতা কলিতা,এন ডি ২৪ৰ সাংবাদিক এঞ্জেলা চাংমাই, আপকু মাজুলী জিলাৰ সম্পাদক জ্যোতিশ কুমাৰ তামুলী,আপকুৰ চৰাইদেউ জিলাৰ সম্পাদক গৌতম গগৈ,গোলাঘাট জিলা সাংবাদিক গিৰিণ বৰা,বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল গোহাঁই, সন্মিলিত সাংবাদিক মঞ্চ দুলীয়াজানৰ সভাপতি জয়ন্ত ভূঞা,তিনিচুকীয়া প্ৰেছ ক্লাবৰ সম্পাদক চিন্ময় শৰ্মা, নাহৰকটীয়াৰ সাংবাদিক আব্দুল ৰাজ্জাক, প্ৰাগ নিউজৰ সাংবাদিক উৎপল বৰা আদি বিভিন্ন প্ৰান্তৰ সাংবাদিক উপস্থিত থাকে। সতীৰ্থ সন্মিলনৰ আতঁধৰে দুলীয়াজান প্ৰেছ ক্লাৱৰ সম্পাদক দিগন্ত শইকীয়াই।

বিয়লিলৈ একে স্থানতে অনুষ্ঠিত সম্বৰ্ধনা আৰু বঁটা প্ৰদান অনুষ্ঠানত দৈনিক জনমভূমি কাকতৰ বোকাখাতৰ সাংবাদিক নীলু আচার্যক অইল-ডি.পি.চি. মিডিয়া এৱাৰ্ড ২০২৪ ( ছপা মাধ্যম), ডিগবৈৰ মহিলা সাংবাদিক ৰিনা কাকতি গগৈ, আৰু ডি.ৱাই-৩৬৫ ৰ উজনি অসম ব্যুৰো চীফ ভাস্কৰজ্যোতি দাসক হৰচন সিং সোঁৱৰণী যুৱ সাংবাদিকতা প্ৰদান কৰা হয়। দুলীয়াজান প্ৰেছ ক্লাবৰ সভাপতি ব্ৰজেন গগৈৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা আৰু বঁটা প্ৰদান অনুষ্ঠানটো উদ্বোধন কৰে ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক দৈনিক জনমভূমি কাকতৰ কার্যবাহী সম্পাদক সঞ্জীৱ ফুকনে।

এই অনুষ্ঠানত এনডি ২৪ নিউজৰ মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱা,অইল ইণ্ডিয়া লিমিটেডৰ ভাৰপ্ৰাপ্ত মুখ্য আৱাসিক বিষয়া অলক নিৰঞ্জন পাঠক,’দৈনন্দিন বার্তা’ কাকতৰ সম্পাদক শংকৰ গোহাঞি, আসাম ৰাইজিং কাকতৰ পৰিচালন সঞ্চালক দিকজ্যোতি লহকৰ, জ্যেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোহাঁই, দুলীয়াজান সাহিত্য সভাৰ সভাপতি ৰঞ্জন মহন্ত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।

দিগন্ত শইকীয়া, দুলীয়াজান

Related Articles