Breaking

ধিঙৰ পূৰ্বাঞ্চল যোগ নিকেতনত প্ৰাকৃতিক চিকিৎসা দিৱস উদযাপন…

0 89

ধিঙৰ পূৰ্বাঞ্চল যোগ নিকেতনৰ উদ্যোগত আৰু Ministry of Ayush Surya Foundation & lnternational Naturopathy Organisation (INO) তত্বাৱধানত এদিনীয়া কাৰ্যসূচীৰে পূৰ্বাঞ্চল যোগ নিকেতনত পঞ্চম প্ৰাকৃতিক চিকিৎসা দিৱস উদযাপন কৰা হয়। এই চিকিৎসা দিৱস কাৰ্যসূচী বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে পূৰ্বাঞ্চল যোগ নিকেতনৰ পৰিচালনা সমিতিৰ সভাপতি কুশ মহন্তই ।

আজি প্ৰাকৃতিক চিকিৎসা দিৱস কাৰ্যসূচী উদ্বোধন কৰে ডাঃ কংকনা তামুলীয়ে ।অনুষ্ঠানত পূৰ্বাঞ্চল যোগ নিকেতনত কাৰ্যকৰী সভাপতি বিপুল কুমাৰ বৰা, গীতা নাথ তালুকদাৰ, অঞ্জনা তালুকদাৰ, ৰঞ্জনা বৰা আৰু প্ৰচাৰ সম্পাদক ইন্দ্ৰেশ্বৰ নাথ জয়দেৱ দাস উপস্হিত থাকে। উল্লেখ্য যে এই প্ৰাকৃতিক চিকিৎসা দিৱসত পূৰ্বাঞ্চল যোগ নিকেতনৰ প্ৰশিক্ষাৰ্থী তথা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকল উপস্থিত থাকে লগতে প্ৰশিক্ষাৰ্থী সকলে Colour Therapy, Mud pack, Tub Bath,Steam Bath,Hot Foot Bath,Fecial pack আৰু Spinal Bath আদি প্ৰদৰ্শন কৰি দেখুৱাই।

বৰছলাৰ পৰা ৰফিকুল ইছলামৰ প্ৰতিবেদন


Leave A Reply