Breaking

নাজিৰাত অ’ এন চিত ভুৱা নিযুক্তি : ২ জনক জেললৈ, ১ টা প্ৰৱঞ্চক আৰক্ষীৰ জিম্মাত

0 1,229

গেলেকী, ২৮ছেপ্তেম্বৰঃ নাজিৰাস্থিত অ’ এন জি চি (অসম সম্পদ)ত ভুৱা নিযুক্তিৰ বেহা । নিৱনুৱাক প্ৰৱঞ্চনাৰে ধন আত্মসাৎ কৰি অৱশেষত প্ৰৱঞ্চিত যুৱকক অপহৰণৰ গোচৰত আটক বকতাৰ তিনি যুৱক ক্ৰমে দীপজ্যোতি দিহিঙীয়া, দীনেশ চেতিয়া আৰু বিজয় চেতিয়া । অপহৰণৰ গোচৰ জাপি দি ৰঙাঘৰৰ আলহী কৰা আশ্ৰাফুৰ হক নামৰ যুৱকজনৰ বিপক্ষেও ভুক্তভোগীৰ পৰিয়ালে এজাহাৰ দাখিল কৰাত উক্ত যুৱকজনো গ্ৰেপ্তাৰ হয় । জানিব পৰা মতে ধুবুৰী চহৰৰ নিবাসী ব্যৱসায়ী জহিদুল হকৰ পুত্ৰ আশ্ৰাফুৰে পূৰ্বে অ’ এন জি চিৰ মৰাণ অইল শাখাত ঠিকাভিত্তিক কাম কৰাৰ সূত্ৰে অ’ এন জি চিত এনে নিযুক্তি সম্পৰ্কীয় দালালিত জড়িত হৈ পৰে । বকতাৰ উক্ত তিনিজন যুৱককো আশ্ৰাফুৰে যোগসূত্ৰকাৰীৰ জৰিয়তে প্ৰথম কিস্তিত ৬০ হাজাৰ টকাকৈ লৈ একোখনকৈ ভুৱা নিযুক্তিপত্ৰ প্ৰদান কৰিছিল । অ’ এন জি চিৰ প্ৰৱন্ধক এম মুৰুলিধৰনৰ ভুৱা স্বাক্ষ্যৰ থকা এই নিযুক্তিপত্ৰ লৈ যুৱকত্ৰয়ে নাজিৰাস্থিত কাৰ্যালয়ত যোগদান কৰিবলৈ যোৱাতহে আচল কথাটো ধৰা পৰে । বকতা নেমুগুৰি থানাত আশ্ৰাফুৰ উপস্থিত হোৱাৰ পিছতে প্ৰৱঞ্চনা আৰু আৰক্ষীক প্ৰৰোচিত কৰা অভিযোগত কেছ নং ৬৪/২০২০ ধাৰা ৪২০, ৪০৬, ৩৬৮মৰ্মে অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ জেৰাত আশ্ৰাফুৰে ধন লোৱাৰ স্বীকাৰোক্তি দিয়া বুলি আৰক্ষী সূত্ৰই সদৰী কৰিছে । আনহাতে গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ সাধাৰণ নিৱনুৱা যুৱক তিনিজনক চাকৰি দিয়াৰ বিপৰীতে অপহৰণৰ গোচৰত জে’ললৈ পঠোৱা আদি শাস্তিৰ দাবী জনাই ২৫ছেপ্তেম্বৰৰ বিয়লি থানাখনৰ সন্মুখত বহুলোক সমবেত হয় । আৰক্ষীয়ে পিছত অভিযুক্তক আদালতত হাজিৰ কৰাই অধিক তদন্তৰ বাবে নিজৰ জিন্মাত লোৱাৰ কথা জানিব পৰা গৈছেে ৷

Leave A Reply