Breaking

নাজিৰাৰ বিধ্বস্ত ঐতিহাসিক ৰমণী আলি পুনৰ নিৰ্মাণৰ দাবীত মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান

0 60

নাজিৰাৰ বিধ্বস্ত ঐতিহাসিক ৰমণী আলি পুনৰ নিৰ্মাণৰ দাবীত  মহকুমাধিপতিক স্মাৰক পত্ৰ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ।

ছশ বছৰীয়া আহোম ৰাজত্বকালৰ সোণালী স্বাক্ষৰ বহন কৰা নাজিৰা মহকুমাৰ শিমলুগুৰি ঐতিহাসিক ৰাজগড়- ৰমণী আলি সংযোগী পথেদি দৈনিক শ শ অতিৰিক্ত বুজাইৰে প্ৰাক – ডাম্পাৰ আদি গধুৰ যান – বাহন চলাচল কৰাৰ ফলত সম্প্ৰতি পথটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে।যাৰ বাবে জীয়াতু ভুগিব লগীয়া হৈছে পোন্ধৰ খনকৈ গাঁৱৰ বাসিন্দা,স্কুলীয়া ছাত্ৰ-ছাত্ৰী,ৰোগী আদিকে ধৰি সাধাৰণ জনতা।ব্যাহত হৈ পৰিছে যাতায়তো।

এই ক্ষেত্ৰত বিভিন্ন দল -সংগঠনে বিভাগীয় কৰ্তৃপক্ষ , জিলা উপায়ুক্ত , মহকুমাৰ প্ৰশাসন তথা চৰকাৰক  অৱগত কৰি আহিছে যদিও কোনোধৰণৰ সুফল পোৱা নাই।পুনৰ আহোম যুগৰ এই শিমলুগুৰিৰ ঐতিহাসিক ৰাজগড় – ৰমণী সংযোগী পথটো পুনৰ নিৰ্মাণৰ দাবীৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ শিমলুগুৰি আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দীপক ছেত্ৰী আৰু সভাপতি বাবুল আলীৰ স্বাক্ষৰিত  এখন স্মাৰক পত্ৰ নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্তক প্ৰদান কৰে ।

Leave A Reply