নাজিৰাৰ মেকিপুৰ, বিহুবৰ চাহ বাগিচাত ২০শতাংশ বোনাছ প্ৰদান

গেলেকী : সমাগত শাৰদীয় দুৰ্গা পূজা মহোৎসৱ। মহোৎসৱক লৈ নাজিৰাকে ধৰি ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে থকা চাহ বাগিচা শ্ৰমিক-কৰ্মচাৰীসকলৰ মাজত উখল-মাখল পৰিবেশ। কাৰণ চাহ বাগিচা শ্ৰমিক-কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া দাবী অসম চৰকাৰে মানি লৈছে। এইবাৰ দুৰ্গা পূজাত মালিক কৰ্তৃপক্ষ্যৰ পৰা শ্ৰমিক-কৰ্মচাৰীয়ে পাব ২০শতাংশ বোনাছ। সামান্তৰালভাৱে নাজিৰা মহকুমা অন্তৰ্গত মেকিপুৰস্থিত কেংকৌ চাহ প্ৰতিষ্ঠানৰ অধীনত থকা বামুনপুখুৰী চাহ বাগিচা, লক্ষ্মীজান চাহ বাগিচা, হাতীপটি চাহ বাগিচাৰ বিপৰীতে বিহুবৰ চাহ বাগিচাত শিৱসাগৰ জিলা উপায়ুক্তই দিয়া ক’ভিড-১৯ৰ পৰামৰ্শৱলী মানি শান্তি শৃংখলতাভাৱে শ্ৰমিক-কৰ্মচাৰীৰ মাজত দুয়োখন বাগিচা কৰ্তৃপক্ষ্যই ২০শতাংশ বোনাছ প্ৰদান কৰা বুলি জানিব পৰা গৈছে। সম্প্ৰতি মেকিপুৰ চাহ বাগিচাত ৯ অক্টোবৰ আৰু বিহুবৰ চাহ বাগিচাত ১০ অক্টোবৰৰ দিনা আবেলি পৰত চাহ বাগিচা কৰ্তৃপক্ষই বাগিচা কেইখনৰ শ্রমিক-কর্মচাৰীসকলক বোনাছৰ ধন প্ৰদান কৰে। চাহ বাগিচা কৰ্তৃপক্ষই নাজিৰা আদৰ্শ আৰক্ষী থানাৰ সহযোগত কটকটীয়া নিৰাপত্তাৰ মাজত এই বোনাছৰ ধন শ্রমিক-কর্মচাৰীসকলক শান্তিপূৰ্ণ পৰিৱেশত মোকলাই দিয়ে। অসম চাহ মজদুৰ সংঘৰ বিষয়ববীয়া দেবেন ৰবিদাসৰ পৰা জানিব পৰা মতে, চলিত অক্টোবৰ মাহত শিৱসাগৰ জিলা উপায়ুক্ত, মালিক কৰ্তৃপক্ষৰ লগত হোৱা আলোচনাত বাগিচাৰ মালিক কৰ্তৃপক্ষই শ্রমিক-কর্মচাৰীসকলক ২০ শতাংশ বোনাছ দিবলৈ সন্মত আছিল। সেই অনুযায়ী এই দুর্গা পূজাৰ সময়ত ২০ শতাংশ বোনাছ প্ৰদান কৰা হয়। যদিও বাকী কিছু অংশ বোনাছৰ ধন ফাঁকুৱা উৎসৱৰ সময়ত প্ৰদান কৰা হ’ব।

Related Articles