Breaking

গুৱাহাটীত এনচিচি দিৱস উদযাপন ! এনচিচি কাৰ ৰেলীৰ সফল সামৰণি…

0 47


গুৱাহাটীত এনচিচি দিৱস উদযাপন
এনচিচি কাৰ ৰেলীৰ সফল সামৰণি

গুৱাহাটীৰ নাৰেংগী সেনা চাউনীস্থিত ব্ৰহ্মপুত্ৰ প্ৰেক্ষাগৃহত আজি ৭৬ সংখ্যক ৰাষ্ট্ৰীয় কেডেট কৰ্পছ (এনচিচি) দিৱস উদযাপন কৰা হয়। এনচিচিৰ উত্তৰ-পূৰ্বাঞ্চল সঞ্চালাকলয়ৰ উদ্যোগত আয়োজিত এই দিৱসৰ লগতে এনচিচি প্ৰতিষ্ঠাৰ পয়সত্তৰ বছৰ পূৰ্ণ হোৱা উপলক্ষে যোৱা ৬ নৱেম্বৰত আৰম্ভ কৰা এনচিচি নৰ্থ-ইষ্টাৰ্ণ মাৰুতি জিমনি কাৰ ৰেলীৰ সামৰণি অনুষ্ঠনৰো আয়োজন কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলত ঐক্য, অনুশাসন আৰু ৰাষ্ট্ৰীয় গৌৰৱ তথা দেশপ্ৰেম আৰু উৎসাহ-উদ্দীপনাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰা এনচিচি কাৰ ৰেলী আজি পতাকা জোকাৰি সামৰণি মাৰে অসমৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যমিতা, আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। অনুষ্ঠানত জি অ চি-ইন চি, ইষ্টাৰ্ণ কমাণ্ড লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, মাৰুতি চুজুকি ইণ্ডয়া লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া (মাৰ্কেটিং)ৰামসুৰেশ অকেল্লাৰ লগতে বহুতো সামৰিক আৰু অসামৰিক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এনচিচি দিৱস উপলক্ষে আয়োজিত সভাত অনুষ্ঠানৰ মুখ্য অতিথি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সকলোকে এনচিচি দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি এনচিচিৰ প্ৰাক্তন কেডেট হিচাপে আজি গৌৰৱ অনুভৱ কৰা বুলি ব্যক্ত কৰে।

ছাত্ৰ জীৱনৰ সেই দিনবোৰৰ কথা স্মৰণ কৰি তেওঁ কয় যে শিক্ষাগত অৰ্হতাতকৈও এনচিচিৰ কেডেট হিচাপে অৰ্জন কৰা শৃংখলাবদ্ধতা, নিয়মানুৱৰ্তিতা, অনুশাসন আৰু দেশপ্ৰেমৰ ভাৱে আজিৰ কৰ্মক্ষেত্ৰত তেওঁক অধিক সহায় কৰিছে। দেশৰ অমৃতকালৰ সময়ছোৱাত ভাৰতক যাতে সঁচা অৰ্থতে বিশ্বগুৰু ৰূপে প্ৰতিষ্ঠা কৰিব পাৰি তাৰ বাবে তেওঁ সকলোকে দায়বদ্ধতাৰে নিজ নিজ ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ আহ্বান জনায়। এইক্ষেত্ৰত এনচিচি কেডেটসকলৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে এনচিচি এটা সংস্থা নহয়, ই হৈছে এক জীৱন শৈলী। তেওঁ একতা, নিয়মানুৱৰ্তিতা আদি সকলো শিক্ষাৰে পৰিপক্ক হৈ সমৰ্পিত ভাৱেৰে সকলো এনচিচি কেডেটক সেৱা আগবঢ়াবলৈ আহ্বান জনায় । সভাত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই এনচিচি দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি সাধনা অবিহনে একো সম্ভৱ নহয় বুলি উল্লেখ কৰে আৰু সকলোকে একাগ্ৰতাৰে আগবাঢ়িবলৈ আহ্বান জনায়। সভাত সমূহীয়াভাৱে এনচিচি সংগীত পৰিবেশন কৰা হয়। সভাত মাৰুতি চুজুকি ইণ্ডয়া লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া (মাৰ্কেটিং)ৰামসুৰেশ অকেল্লাই ভাষণ প্ৰদান কৰি তেওঁলোকক এনচিচি দিৱসৰ কাৰ ৰেলীৰ অংশীদাৰ হোৱাৰ সুযোগ দিয়াৰ বাবে সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত কৃতজ্ঞতা জ্ঞাপন কৰি এনচিচিৰ উত্তৰ-পূৰ্বাঞ্চল সঞ্চালাকলয়ৰ অতিৰিক্ত মহাপৰিদৰ্শক (এডিজি) গগন দীপে এনচিচিৰ সকলো কাৰ্য ইয়াৰ মূলমন্ত্ৰ ‘একতা আৰু অনুশাসন’ৰ ওপৰত আধাৰিত হ’ব লাগিব বুলি উল্লেখ কৰে।

অনুষ্ঠানত কাৰ ৰেলীত অংশগ্ৰহণ কৰা কেডেটসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। সভাৰ অন্তত সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয়। উল্লেখযোগ্য যে এনচিচি বিষয়া আৰু ৭৬ জন কেডেটৰ এটা দলে এনচিচি দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা কাৰ ৰেলী পৰিচালনা কৰিছিল। এই ৰেলীত প্ৰায় ৪ হাজাৰ কিলোমিটাৰ যাত্ৰা অতিক্ৰম কৰা হৈছিল। ৰেলীত ৭খন মাৰুতি চুজুকি জিমনি আৰু ৫খন গ্ৰেণ্ড ভিটাৰা এছইউভি ব্যৱহাৰ কৰা হৈছিল। এই ৰেলী শ্বিলঙৰ পৰা যোৱা ৬ নৱেম্বৰত আৰম্ভ হৈছিল আৰু অসম, ত্ৰিপুৰা, মিজোৰাম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয়কে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্য পৰিভ্ৰমণ কৰি আজি গুৱাহাটীত অন্ত পৰে। এই যাত্ৰাকালত ২০০তকৈও অধিক বিদ্যালয়, ৪৪খন জিলাত অৱস্থিত ১৪০ খন মহাবিদ্যালয়ৰ ২০ হাজাৰতকৈ অধিক শিক্ষাৰ্থীৰ সৈতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই ৰেলীৰ মাধ্যমেৰে উত্তৰ-পূৰ্বাঞ্লৰ বিভিন্ন স্থানৰ লোকৰ সৈতে তেওঁলোকে ভাৱ বিনিময় কৰে আৰু সাংস্কৃতিক-সামাজিক ঐতিহ্যৰ বাৰ্তা বহন কৰে। এই ৰেলীৰ যাত্ৰাপথৰ বিভিন্ন স্থানত অনুষ্ঠিত অনুষ্ঠানত জ্যেষ্ঠ বিষয়া আৰু এনচিচিৰ প্ৰতিনিধিকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে আৰু এই উল্লেখযোগ্য যাত্ৰাত ভাগ লোৱা উৎসাহী কেডেটসকলক আশীৰ্বাদ প্ৰদানেৰে উৎসাহ যোগায়। তেওঁলোকৰ উপস্থিতিয়ে অংশগ্ৰহণকাৰীসকলক সমগ্ৰ সমদলটোৰ নেতৃত্ব আৰু সৌহাৰ্দমূলক মূল্যবোধ বজাই ৰাখিবলৈ অনুপ্ৰেৰণা যোগায়। এনচিচি কাৰ ৰেলীয়ে ইয়াৰ দুঃসাহসিক মনোভাৱৰ বাহিৰেও এনচিচিৰ লোকাচাৰক মূৰ্ত কৰি তোলে। ই যুৱপ্ৰজন্মৰ মাজত একতা, অনুশাসন, নেতৃত্ব আৰু সেৱাৰ মনোভাৱ বৃদ্ধি কৰে আৰু অংশগ্ৰহণকাৰীসকলক ৰাষ্ট্ৰীয় ঐক্য আৰু গৌৰৱৰ অনুভূতি কঢ়িয়াই অনা মূল্যবোধৰ শিক্ষা হৃদয়ংগম কৰিবলৈ এক অনন্য মঞ্চ প্ৰদান কৰে। এনচিচি দিৱস উযযাপনে সকলোৰে মাজত একতা আৰু অনুশাসনৰ বাৰ্তা বহন কৰিব বুলি সকলোৱে সহমত প্ৰকাশ কৰে।

Leave A Reply